মমতাৰ দুর্গত পুনৰ মোক্ষম আঘাত মন্ত্রিত্ব এৰিলে বনমন্ত্রী ৰাজীৱ বেনার্জীয়ে

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ শাসকীয় দুর্গত মোক্ষম আঘাত হানি মন্ত্রিত্বৰ পৰা পদত্যাগ কৰিছে বনমন্ত্রী ৰাজীৱ বেনার্জীয়ে৷ জানুৱাৰীৰ আৰম্ভণিৰে পৰা ছ’চিয়েল মিডিয়া টুইটাৰযোগে বেনার্জীয়ে জ্যেষ্ঠ তৃণমূল কংগ্রেছ নেতাসকলক সমালোচনা কৰি আহিছে৷ জনসাধাৰণৰ উন্নয়নমূলক কাম–কাজ কৰাৰ ক্ষেত্রত তৃণমূল কংগ্রেছ চৰকাৰে মন্ত্রীগৰাকীক বাধা প্রদান কৰি অহা বুলি অভিযোগ অনা হৈছে৷ পশ্চিমবংগৰ জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰি তেওঁ আনন্দিত হৈছিল বুলি উল্লেখ কৰি পদত্যাগ পত্রত অভিযোগ কৰিছে যে ৰাইজৰ কাম–কাজ কৰাৰ ক্ষেত্রত তেওঁক চৰকাৰে সুযোগ দিয়া নাই৷ ইতিমধ্যে ৰাজ্যখনৰ ৰাজ্যপাল জগদ্বীপ ধনখৰে গ্রহণ কৰিছে ৰাজীৱ বেনার্জীৰ পদত্যাগ–পত্র৷লক্ষণীয়ভাৱে সুভেন্দু অধিকাৰৰ দৰে ৰাজীৱ বেনার্জীয়েও বিজেপিত যোগদান কৰিব বুলি চর্চা চলিছে৷