মৰ্মান্তিকঃ কভিড ভেকচিন লৈ দম্পত্তিয়ে ভ্ৰমণলৈ গৈছিল, কভিডত আক্ৰান্ত হৈ পুত্ৰৰ হে মৃত্যু ঘটিল…

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ  এহাল দম্পত্তিয়ে ভ্ৰমণ কৰিবলৈ গৈছিল হাৱাইলৈ। কিন্তু হাৱাইলৈ যোৱাৰ আগতে দুয়োৱে কভিডৰ ভেকচিন লৈছিল। তাৰ পিছ দুয়োৰে কভিড পৰীক্ষা নিগেটিভ আহিছিল। কাৰণ হাৱাইত ভ্ৰমণ কৰিবলৈ প্ৰথমে কোৱাৰেণ্টাইন হ’ব লাগিব যিটো দম্পত্তি হালে বিচৰা নাছিল।

আনহাতে, দম্পতীহালৰ সৰু পুত্ৰই আন এখন ৰাজ্যৰ পৰা হাৱাইত উপস্থিত হোৱাৰ অলপ পিছতে কভিড-১৯ ৰ লক্ষণে দেখা দিছিল। স্বাস্থ্যৰ অৱস্থা অৱনতিৰ ঘটাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ তাতেই মৃত্যু হয়। স্বাস্থ্য বিভাগৰ মতে মৃতকৰ অনুমানিক বয়স ১১ বছৰ।

হাৱাই স্বাস্থ্য বিভাগৰ এজন মুখপাত্ৰ ব্ৰুকছ বেহেৰে এক ইমেইলযোগে কয়, ” ভাইৰাছৰ উৎসবোৰ এতিয়াও অনুসন্ধান কৰি আছো।” “হাৱাইত উপস্থিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে লক্ষণবোৰ বিকশিত হৈছিল, সেয়েহে ইয়াত কিশোৰটিৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা নাই।”

হাৱাইত এয়াই প্ৰথম  যি কিশোৰ কভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ৰাজ্য খনে ৪৭৯জনৰ মৃত্যুৰ প্ৰতিবেদন দাখিল কৰিছে য’ত কভিড-19য়ে মুখ্য ভূমিকা লৈছিল।

আমেৰিকান একাডেমী অফ পেডিয়াট্ৰিক্সৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত, প্ৰায় 3.7 নিযুত শিশু কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু আৰু এই মাহৰ আৰম্ভণিলৈকে কমেও 296 শিশুৰ মৃত্যু হৈছে।