চীনবিৰোধী শ্লোগানত উত্তপ্ত নেপালৰ ৰাজধানী

হুমলা জিলাত চলিছে বেইজিঙৰ অবৈধ নির্মাণকার্যঃ চীনা দূতাৱাসৰ বাহিৰত বিক্ষোভ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  ভাৰতৰ লাডাখ সীমান্ত অঞ্চলতেই নহয়, হিমালয়ান ৰাষ্ট্র নেপালৰো বিভিন্ন স্থানত আগ্রাসন চলাইছে চীনে৷ চীনৰ এই আগ্রাসনৰ বিৰুদ্ধে বুধবাৰে কাঠমাণ্ডুত প্রতিবাদী কার্যসূচী গ্রহণ কৰে স্থানীয় জনসাধাৰণে৷ কাঠমাণ্ডুস্থিত চীনা দূতাৱাসৰ বাহিৰত বিভিন্ন শ্লোগান দি বিক্ষুব্ধ নেপালী লোকে প্রতিৱেশী দেশখনৰ আগ্রাসনৰ প্রতিবাদ জনায়৷ নেপাল চৰকাৰে দেশখনৰ ভূখণ্ডত চীনৰ অবৈধ আগ্রাসন চলা বুলি নিশ্চিত কৰাৰ পিছতেই এই প্রতিবাদ সংগঠিত হৈছে৷ দেশখনৰ হুমলা জিলাত সীমান্ত অতিক্রম কৰি চীনে ৯টাৰ পৰা ১১টা প্রাসাদ নির্মাণ কৰা বুলি শেহতীয়াকৈ কাঠমাণ্ডু প্রশাসনে নিশ্চিত কৰিছে৷ গতিকে সীমান্তৰ দখল কৰা অঞ্চলৰ পৰা চীনক আঁতৰি যোৱাৰ দাবী জনাইছে বিক্ষুব্ধ লোকসকলে৷ মাউণ্ট কৈলাসৰ সমীপৰ বিবদমান অঞ্চলত চীনে নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰা বুলি নেপাল চৰকাৰে অভিযোগ কৰিছে৷ উল্লেখনীয় যে নেপালৰ জনসাধাৰণক অঞ্চলটোত প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰি চীনে গোপনে এই নির্মাণকার্য চলাই থকা বুলি চৰকাৰে ঘোষণা কৰাৰ পিছতে হিমালয়ান ৰাষ্ট্রখনত বেইজিঙৰ বিৰুদ্ধে সৰৱ প্রতিবাদ সাব্যস্ত হোৱা বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷ স্মর্তব্য যে শেহতীয়াকৈ নেপালে ভাৰতৰ কালাপানী, লিপুলেখ, লিম্ফিয়াধুৰা আদি অঞ্চল নিজ মানচিত্রৰ অন্তর্ভুক্ত কৰা বিষয়টোক লৈ কাঠমাণ্ডুৰ সৈতে নতুন দিল্লী প্রশাসনৰ মতানৈক্য তীব্রতৰ হৈছে৷ এতিয়া নেপালে দেশখনৰ ভূখণ্ডত চীনৰ আগ্রাসন চলা বুলি অভিযোগ কৰাৰ লগে লগে বিষয়টোক লৈ চলিছে ব্যাপক চর্চা৷