নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ এদিন বা দুদিনৰ বাবে নহয়, মহাকাশত দীর্ঘদিনৰ বাবে চলচ্চিত্রৰ দৃশ্যগ্রহণৰ বাবে থাকিব পাৰিব অভিনেতা–ভিনেত্রী তথা পৰিচালক আৰু অন্যান্য কলা–কুশলীসকল৷ পূর্ণ দৈর্ঘ্যৰ চলচ্চিত্র, তথ্যচিত্র আৰু টেলিভিছন ধাৰাবাহিকৰ দৃশ্য গ্রহণৰ ষ্টুডি’ গঢ়ি তোলা হৈছে মহাকাশত৷ অকল সেয়াই নহয়, গঢ়ি তোলা হৈছে খেলৰ বাবে বিশাল স্প’টছ এৰিনাও৷ ভূপৃষ্ঠৰ পৰা ৪০০ কিঃমিঃ উচ্চতাত পৃথিৱীৰ কক্ষপথত দিনে ১৫ৰ পৰা ১৬ বাৰ প্রদক্ষিণ কৰা আন্তর্জাতিক মহাকাশ আস্থানতে গঢ়ি তোলা হৈছে এই চলচ্চিত্র ষ্টুডি’ তথা স্প’টছ এৰিনা৷ মহাকাশৰ পটভূমিত চলচ্চিত্র বনাই অহা পৰিচালক–প্রযোজক টম ক্রুজৰ চলচ্চিত্রৰ সহঃপ্রযোজক সংস্থা স্পেচ এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্রাইজ (এছইই)ৰ তৰফৰ পৰা মহাকাশ আস্থানত গঢ়ি তোলা হৈছে এই ষ্টুডি’ তথা স্প’টছ এৰিনা৷ এছইইৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে এই কথা৷ পৃথিৱীতে বনোৱা হৈছে মহাকাশৰ এই ষ্টুডি’ তথা স্প’টছ এৰিনা৷ ইয়াক এটা মডিউলত বহুওৱা হ’ব৷ যাৰ নাম– এছইই–১৷ ইয়াৰ পিছতে মডিউলটোক প্রেৰণ কৰা হ’ব আন্তর্জাতিক মহাকাশ আস্থানলৈ৷ শীঘ্রে এই অত্যাধুনিক ব্যৱস্থাই কার্যক্ষম ৰূপ লাভ কৰিব৷