ঘৰুৱা হিংসাৰ বলি মহিলাক লৈ ‘কৃত্রিম মেধা’ প্রস্তুত ইজৰাইল চৰকাৰৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ মই আছিলোঁ মিচাল চেলা’– মৃত মহিলাগৰাকীয়ে কেমেৰাৰ সন্মুখত এইদৰেই প্রথম মন্তব্য কৰিছে৷ এয়া কোনো ভৌতিক বা শিহৰণকাৰী কাহিনী নহয়৷ ইজৰাইলত বিভিন্ন সময়ত আক্রমণত নিহত মহিলাক কৃত্রিম মেধা অথবা ‘এআই’ হিচাপে পুনৰ জীৱনদান কৰা হৈছে৷ ঘৰুৱা হিংসাত নিহত হোৱা পাঁচগৰাকী মহিলাৰ এআই বা কৃত্রিম মেধা প্রস্তুত কৰিছে ইজৰাইলে৷ ইয়াৰ জৰিয়তে অন্য মহিলাসকলক সতর্ক কৰা হৈছে, যাতে তেওঁলোকো ঘৰুৱা হিংসাৰ বলি হ’বলগীয়া নহয়৷ ২০১৯ চনত স্বামী এলিৰাম মালোলে হত্যা কৰিছিল মিচাল চেলাক৷ এই মিচাল চেলাই এতিয়া নিজৰ জীৱনকালত সংঘটিত আতিশয্যৰ কথা বর্ণনা কৰিছে ভিডিঅ’যোগে৷ এয়া হৈছে ইজৰাইলী জনশিক্ষা প্রচাৰৰ এক অধ্যায়৷ কৃত্রিম মেধা প্রযুক্তিৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে সংঘটিত আতিশয্যৰ ঘটনা সন্দর্ভত সজাগতা সৃষ্টি কৰিব বিচাৰিছে ইজৰাইল চৰকাৰে৷ কেনেদৰে পৰিয়ালত ঘৰুৱা হিংসাৰ মাজতো স্বামী–স্ত্রীৰ সম্পর্ক চলি আছে, সেই সন্দর্ভত দেশবাসীক সজাগ কৰা হৈছে এই প্রচেষ্টাৰে৷ ভিডি’ ক্লিপবোৰ প্রস্তুত কৰা হৈছে ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ মৃত্যুৰ পূর্বৰ আলোকচিত্রৰে৷ মহিলাৰ বিৰুদ্ধে সংঘর্ষৰ অৱসানৰ আন্তর্জাতিক দিৱস উপলক্ষে ইজৰাইলে এই সজাগতা আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিত পাঁচগৰাকী মহিলাক স্থান দিয়া হৈছে কৃত্রিম মেধা হিচাপে৷ মহিলা কেইগৰাকী নিহত হৈছে ঘৰুৱা হিংসাত৷