নিয়মীয়া বাৰ্তা ১৯ মেঃ আৰব সাগৰসৃষ্ট ঘূর্ণি টাউটিয়ে গুজৰাটত বিধ্বংসী ৰূপ লোৱাৰ কেইঘণ্টামানৰ পিছতে দুর্বল হৈ পৰিছে৷ ইতিপূর্বে গোৱা, কেৰালা, কর্ণাটক আৰু মহাৰাষ্ট্রত সংহাৰী ৰূপ লৈ জনহানিৰ লগতে সা–সম্পদৰ বিস্তৰ ক্ষতি কৰিছে৷ শনিবাৰে সন্ধিয়াৰ পৰা সাগৰীয় ঘূর্ণি টাউটিৰ তাণ্ডৱ আৰম্ভ হৈ সাগৰৰ উপকূলীয় ৰাজ্য পাঁচখনত সংহাৰী ৰূপ লৈছে৷ গুজৰাট, মহাৰাষ্ট্র আৰু কর্ণাটকত মুঠ ২১জন লোকৰ প্রাণহানি হোৱাৰ লগতে সা–সম্পদৰ বিস্তৰ ক্ষতি হৈছে৷ উল্লেখ্য যে গোৱা, কেৰালা আৰু কর্ণাটকত তীব্র বেগেৰে ঘূর্ণি টাউটিয়ে খুন্দিওৱাৰ পিছত মহাৰাষ্ট্রত সংহাৰী ৰূপ ধাৰণ কৰে৷ ইয়াৰ পিছতে মহাৰাষ্ট্রক অতিক্রম কৰি গুজৰাটত প্রৱেশ কৰে৷ ৰাজ্যখনত সাগৰীয় ঘূর্ণি টাউটিয়ে জনজীৱন ব্যাহত কৰি তোলাৰ লগতে সা–সম্পদৰ বিস্তৰ ক্ষতি কৰে৷
কালি পুৱাৰে পৰা সাগৰীয় ঘূর্ণি টাউটিৰ প্রভাৱত মহাৰাষ্ট্রৰ কেইবাখনো চহৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷ ৰাজধানী মুম্বাইকে ধৰি কেইবাখনো চহৰত হোৱা প্রবল বৰষুণৰ ফলত অঞ্চল ভেদে জলমগ্ণ হৈ পৰে৷ নাগৰিকৰ বাসগৃহ বিধ্বস্ত কৰাৰ লগতে আন্তঃগাঁথনিৰ ক্ষতি হয়৷ ৰাজ্যখনত ঘূর্ণিয়ে চলোৱা সংহাৰৰ বাবে ৬জন লোকৰ প্রাণহানি হৈছে৷ ইপিনে, কর্ণাটকতো এই ঘূর্ণিৰ ফলত আঠজন লোকৰ মৃত্যু ঘটাৰ লগতে অজস্র বাসগৃহ আৰু আন্তঃগাঁথনি বিধ্বস্ত হয়৷ তথ্য মতে কর্ণাটকত ৮জন লোকে প্রাণ হেৰুওৱাৰ লগতে ১২১খন গাঁৱত প্রচণ্ড প্রভাৱ পৰে৷ ৰাজ্যখনৰ দক্ষিণ কানাড়া, উৰুপী, উত্তৰ কানাড়া, কড়াগু, বেলাগাভি আদি জিলাৰ শতাধিক গাঁৱত বিস্তৰ ক্ষতি হৈছে৷ আজি পুৱা গুজৰাটত ঘূর্ণি টাউটিয়ে খুন্দিয়াই সংহাৰী ৰূপ লোৱাৰ কেইঘণ্টামানৰ পিছতে গভীৰ টাউটি দুর্বল হ’বলৈ ধৰে৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে গুজৰাটৰ কেইবাখনো চহৰত প্রবল বৰষুণ হয়৷ ঘূর্ণিৰ সংহাৰৰ ফলত বিভিন্ন প্রান্তত ৭জন লোকে প্রাণ হেৰুওৱা বুলি মুখ্যমন্ত্রী বিজয় ৰূপানীয়ে ঘোষণা কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে ১৬,৫০০ বাসগৃহ এই ঘূর্ণিৰ ফলত বিধ্বস্ত হোৱাৰ লগতে ৪০ হাজাৰ গছ ভাঙি–ছিঙি থানবান হৈছে৷ মহাৰাষ্ট্রকে ধৰি গুজৰাট আৰু আন ৰাজ্যকেইখনত ঘূর্ণিৰ আগজাননী লাভ কৰাৰ পিছতে সতর্ক হৈ থকাৰ বাবে ক্ষতিৰ হ্রাস পাইছে৷ আটাইকেইখন ৰাজ্যতে এন ডি আৰ এফসহ স্থানীয় প্রশাসনে উদ্ধাৰ অভিযান চলাই আছে৷ তেনেদৰে নৌ বাহিনী, বায়ুসেনা আদিয়েও ঘূর্ণিৰ প্রভাৱ পৰা অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাইছে৷ উপকূলীয় ৫ ৰাজ্যত ঘূর্ণিয়ে সংহাৰ চলোৱাৰ পিছত এই ঘূর্ণিৰ প্রভাৱত ৰাজস্থানতো প্রবল বৰষুণ হৈ আছে৷ আজিৰে পৰা আৰম্ভ হোৱা এই বৰষুণ ২৪ ঘণ্টা ধৰি অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ ইতিমধ্যে ৰাজস্থানৰ কেইবাখনো জিলা বিশেষকৈ চিৰ’হী, ডুংগাৰপুৰ, বন্সৱাড়া, ভিলৱাড়া, কোটা আদিত ৰেড এলার্ট জাৰি কৰা হৈছে৷
উল্লেখ্য যে ২০২১ বর্ষত ঘূর্ণি টাউটি হৈছে আৰব সাগৰসৃষ্ট প্রথমটো ঘূর্ণি বতাহ৷ আনহাতে ঘূর্ণি টাউটিৰ বাবে আৰব সাগৰত আবদ্ধ হৈ থকা তেল খনন জড়িত দুখন জাহাজৰ পৰা ৩১৪জনক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় নৌ বাহিনী–উপকূলৰক্ষীয়্৷ তথ্য মতে তেল খননত জড়িত জিএএল কনষ্ট্রাকটৰৰ পৰা ১৩৭জনক উদ্ধাৰ কৰাৰ বিপৰীতে বার্জ পাপা ৩০৫ৰ পৰা ১৭৭জন উদ্ধাৰ কৰিছে৷ প্রতিকূল বতৰ, প্রচণ্ড সাগৰীয় ঢ়ৌ, প্রবল বৰষুণ আৰু শক্তিশালী বতাহৰ মাজতো নৌ বাহিনী আৰু উপকূলৰক্ষীয়ে এই উদ্ধাৰ অভিযান চলাই আছে৷ এতিয়াও সাগৰত আবদ্ধ হৈ থকা জাহাজত কেইবাজনো লোক আছে বুলি সুত্রই প্রকাশ কৰিছে৷ মনকৰিবলগীয়া যে এই উদ্ধাৰ অভিযানত আইএনএছ কোচি, আইএনএছ কলকাতা, অ’এছভি অহল্যা, অ’এছভি অ’ছেন এনার্জি আৰু ছি কিং হেলিকপ্ঢাৰ ব্যৱহাৰ কৰা হৈছে৷ সাগৰত আবদ্ধ হোৱা জাহাজ কেইখন হৈছে অ’এনজিচিৰ ড্রিল জাহাজ ‘সাগৰ ভূষণ’ আৰু এআইএলৰ বার্জ জিএএল কনষ্ট্রাকটৰ৷