মঙলত ৰ’ভাৰ পাৰছেভাৰেন্স নিয়ন্ত্রণ কৰি আছে ভাৰতীয় বিজ্ঞানীয়ে

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ ৰঙা গ্রহ মঙলত ৰ’ভাৰ পাৰছেভাৰেন্স সফলতাৰে অৱতৰণ কৰাই ঐতিহাসিক অভিযানৰ অন্যতম ৰূপকাৰ এগৰাকী ভাৰতীয় মহিলা বিজ্ঞানীয়ে কৃতিত্ব লাভ কৰাৰ পিছত আন এগৰাকী ভাৰতীয় বিজ্ঞানীয়ে ৰ’ভাৰ পাৰছেভাৰেন্স পৃথিৱীৰ পৰা নিয়ন্ত্রণ কৰি আছে৷ দক্ষিণ লণ্ডনৰ এখন হেয়াৰ চেলুনৰ ওপৰত অৱস্থিত এটা শোৱনিকোঠাযুক্ত ফ্লেটৰ পৰাই নাছাৰ অধ্যাপক তথা ভাৰতীয় মূলৰ বিজ্ঞানী সঞ্জীৱ গুপ্তাই পাৰছেভাৰেন্স নিয়ন্ত্রণ কৰি আছে৷ লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ ভূ–তত্ত্ব বিশেষজ্ঞ ৫৫ বছৰীয়া সঞ্জীৱ গুপ্তা নাছাৰ মঙল অভিযানৰ সৈতে দীর্ঘদিন ধৰি জড়িত হৈ আছে৷ নাছাৰ মঙল অভিযানক লৈ বিজ্ঞানী গুপ্তাই বিভিন্ন কার্যক্ষেত্রত জড়িত হৈ থকাৰ লগতে এই অভিযানৰ সম্পূর্ণ পৰিকল্পনাও কৰিছিল৷ মঙলৰ পৃষ্ঠত ৰ’ভাৰ পাৰছেভাৰেন্সে সুকলমে অৱতৰণ কৰাৰ পিছতেই গৱেষণাৰ বাবে সাজু হোৱা এই পাৰছেভাৰেন্সক ঘৰৰ পৰাই নিয়ন্ত্রণ কৰি আছে বিজ্ঞানী গুপ্তাই৷ উল্লেখ্য যে এই অভিযানটো আমেৰিকা যুক্তৰাষ্ট্রৰ ছাউদার্ন কেলিফর্নিয়াৰ নাছাৰ জেট প্র’পালছন লেব’ৰেটৰী (জেপিএল)ৰ পৰা নিয়ন্ত্রণ কৰি থকা হৈছে যদিও পাৰছেভাৰেন্সক লণ্ডনৰ বাসগৃহৰ পৰা নিয়ন্ত্রণ কৰি আছে বিজ্ঞানী গুপ্তাই৷