কাশী বিশ্বনাথ মন্দিৰৰ কর্মীলৈ ১০০ যোৰ ৰছীৰ জোতা প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ কাশী বিশ্বনাথ মন্দিৰ তথা মন্দিৰ চৌহদত চামৰা তথা ৰবৰৰ জোতা পিন্ধা নিষিদ্ধ৷ সেইবাবে মন্দিৰৰ পূজাৰী, নিৰাপত্তাৰক্ষী, সেৱক, চাফাই কর্মী আদিয়ে খালী ভৰিৰেই নিজৰ কর্তব্য সম্পাদন কৰিবলগীয়া হয়৷ কাশী বিশ্বনাথ কৰিড’ৰ উদ্বোধন কৰাৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নজৰলৈ আহে এই কথা৷ গতিকে প্রধানমন্ত্রীগৰাকীয়্ এই কর্মীসকলৰ বাবে পঠিয়াইছে অভিনৱ উপহাৰ৷ মন্দিৰ কর্তৃপক্ষই সংবাদ মাধ্যমক জনোৱা অনুসৰি পূজাৰী তথা কর্মীসকলৰ বাবে প্রধানমন্ত্রীয়ে ১০০ যোৰ মৰাপাটৰ ৰছীৰে প্রস্তুত কৰা জোতা পঠিয়াইছে৷ ৰং–বিৰঙৰ এই জোতাসমূহ লাভ কৰাৰ পিছত কর্মীসকলৰ মাজত সৃষ্টি হৈছে আনন্দৰ বন্যা৷