২৮ নৱেম্বৰত পুনেলৈ মোদী

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ অস্ত্রজেনেকা আৰু অক্সফ’ড বিশ্ববিদ্যালয়ৰ ক’ভিড–১৯ ভেকচিন উৎপাদনৰ দায়িত্বত থকা পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লেব’ৰেটৰীলৈ যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ভেকচিনৰ অগ্রগতিৰ বুজ ল’বলৈ ২৮ নৱেম্বৰত প্রধানমন্ত্রী মোদীয়ে পুনেস্থিত ছিৰাম ইনষ্টিটিউট লেব’ৰেটৰী পৰিদর্শন কৰিব৷

ইতিমধ্যে ভাৰতত ক’ভিড–১৯ ভেকচিন বিতৰণৰ বাবে ৰাজ্য চৰকাৰসমূহক শীতল ভাণ্ডাৰকে ধৰি প্রয়োজনীয় ব্যৱস্থা গঢ়ি তুলিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নির্দেশ দিছে৷ দেশীয়ভাৱে বিকশিত ক’ভাক্সিনক লৈ কেন্দ্রীয় চৰকাৰ আশাবাদী হৈ থকাৰ সমান্তৰালকৈ অক্সফ’ডৰ ভেকচিনক লৈও সমানেই আশাবাদী হৈ আছে প্রধানমন্ত্রী মোদী৷