নৌসেনাৰ কর্তব্যৰত বিষয়াসহ গ্রেপ্তাৰ তিনি

নিয়মীয়া বাৰ্তা ২৭ অক্টোবৰঃ  গুৰুত্বপূর্ণ তথ্য ফাদিল কৰাৰ অভিযোগত কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে গ্রেপ্তাৰ কৰিছে নৌসেনাৰ এগৰাকী কর্তব্যৰত বিষয়াসহ তিনিজনক৷ কিলোক্লাছ ছাবমেৰিন এখনৰ আধুনিকীকৰণৰ তথ্য ফাদিল কৰিছিল নৌসেনাৰ বিষয়াগৰাকীয়ে৷ চৰকাৰৰ এক নির্ভৰযোগ্য সূত্রই সংবাদ সংস্থা এ এন আইক জানিবলৈ দিয়া মতে যোৱা মাহত এই তথ্য ফাদিলৰ ঘটনা সংঘটিত হৈছিল৷ নৌ সেনাৰ তৰফৰ পৰা দুগৰাকী জ্যেষ্ঠ বিষয়াৰ অধীনত এই ঘটনাৰ তদন্তৰ ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ চি বি আয়ে এই সন্দর্ভত সবিশেষ তথ্য লাভ কৰাৰ পিছত কমাণ্ডাৰ পর্যায়ৰ কর্তব্যৰত নৌ সেনাৰ বিষয়া এজনক গ্রেপ্তাৰ কৰে৷ ইয়াৰ উপৰি এই ঘটনাত জড়িত থকাৰ অভিযোগ দুগৰাকী প্রাক্তন বিষয়াকো সংস্থাটোৱে গ্রেপ্তাৰ কৰিছে৷