নিয়মীয়া বাৰ্তা, ১৪ এপ্রিলঃ পৃথিৱীত এনে কিছু ব্যক্তি আছে, যিয়ে নিজৰ কর্মৰ জৰিয়তে ৰাখি থৈ যায় প্রেমৰ অমৰ নিদর্শন৷ প্রেম আৰু দায়িত্ববোধৰ মহৎ চানেকি দাঙি ধৰা এগৰাকী ব্যক্তি হৈছে কলকাতাৰ বলোৰাম দে’ ষ্ট্রীটৰ বাসিন্দা স্বপন ছেট৷
৭৭ বছৰীয়া ভায়োলিনবাদক স্বপন ছেটৰ কাহিনী এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ লক্ষণীয়ভাৱে কর্কট ৰোগত আক্রান্ত পত্নীৰ চিকিৎসা কৰিবলৈ হাতত পর্যাপ্ত ধন নাই ভায়োলিনবাদকগৰাকীৰ৷ কিন্তু সমগ্র দেশজুৰি ভায়োলিন বজাই পত্নীৰ চিকিৎসাৰ বাবে পুঁজি সংগ্রহ কৰি আহিছে স্বপন ছেটে৷
বিগত ১৭ বছৰ ধৰি এনেদৰে ভায়োলিন বজাই পুঁজি সংগ্রহ কৰি পত্নীৰ চিকিৎসা কৰি আছে তেওঁ৷ ২০০২ চনতে স্বপন ছেটৰ পত্নী জৰায়ুৰ কর্কটত আক্রান্ত হৈছিল৷ তেতিয়াৰে পৰা তেওঁ পত্নীৰ চিকিৎসা কৰি আছে একমাত্র ভায়োলিনখন বজাই৷
শেহতীয়াকৈ ইণ্টাৰনেটত স্বপন ছেটৰ কাহিনী মুকলি হোৱাৰ লগে লগে বিশ্বজুৰি ইয়াক লৈ সৃষ্টি হৈছে আলোড়ন৷ ২০১৯ত স্বপন ছেটৰ পত্নী সুস্থ হোৱা বুলি চিকিৎসকে ঘোষণা কৰে যদিও পত্নীৰ বিভিন্ন খাদ্য তথা পথ্যৰ বাবেও তেওঁ ভায়োলিন বজায়ে পুঁজি সংগ্রহ কৰিবলগীয়া হৈছে৷ ভায়োলিনবাদকগৰাকী এই কাহিনীক এতিয়া বিভিন্ন মহলে প্রেমৰ অমৰ নিদর্শন বুলি অভিহিত কৰিছে৷ দেশৰ সংবাদ মাধ্যমতো এই কাহিনীক লৈ ব্যাপক চর্চা চলিছে৷