২২ অক্টোবৰলৈ ন্যায়িক জিম্মাত থাকিব ওমৰ খালিদ

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ দিল্লীৰ সাম্প্রদায়িক সংঘর্ষৰ গোচৰত অভিযুক্ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ৰ প্রাক্তন ছাত্র ওমৰ খালিদক ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে আদালতে৷ দিল্লীৰ কার্কাৰদুমা আদালতে খালিদক ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷

আগন্তুক ২২ অক্টোবৰলৈ জেএনইউৰ প্রাক্তন ছাত্রজন ন্যায়িক জিম্মাতে থাকিব৷ উল্লেখনীয় যে দিল্লী আৰক্ষীয়ে বেআইনী কাম–কাজ প্রতিৰোধ আইনৰ অধীনত ওমৰ খালিদক গ্রেপ্তাৰ কৰিছিল৷ যোৱা ১৩ ছেপ্ঢেম্বৰত দিল্লী আৰক্ষীয়ে খালিদক গ্রেপ্তাৰ কৰাৰ পিছতেই কেইবাটাও সামাজিক সংগঠনে ছাত্রনেতাজনক ষড়যন্ত্রমূলকভাৱে গ্রেপ্তাৰ কৰা বুলি অভিযোগ কৰিছে৷

লক্ষণীয়ভাৱে দিল্লী আৰক্ষীয়ে খালিদক জিম্মাত লোৱাৰ সময়ত যোৱা ফেব্রুৱাৰী মাহত দেশৰ ৰাজধানী চহৰখনত সংঘটিত সাম্প্রদায়িক সংঘর্ষত ইন্ধন যোগোৱাৰ বিভিন্ন অভিযোগ আনে আৰক্ষীয়ে৷ অৱশ্যে খালিদে দিল্লীৰ সাম্প্রদায়িক সংঘর্ষত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে৷