১৫০০ টকাৰ অক্সিজেন চিলিণ্ডাৰ ৩০ হাজাৰত বিক্রী; অক্সিজেনৰ নাটনিৰ সুযোগ অসাধু ব্যৱসায়ীৰ

নিয়মীয়া বাৰ্তা, ৫ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংহাৰত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত চৰকাৰী হাস্পতালৰ সমান্তৰালকৈ ব্যক্তগত হাস্পতালতো প্রচণ্ড নাটনি হৈ আছে চিকিৎসাজনিত অক্সিজেনৰ৷ ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে অতি প্রয়োজন এই অক্সিজেনৰ নাটনিৰ সুযোগ গ্রহণ কৰিছে দেশৰ বিভিন্ন প্রান্তৰ অসাধু ব্যৱসায়ীয়ে৷

ৰাজধানী দিল্লী, মহাৰাষ্ট্র, উত্তৰ প্রদেশ, কর্ণাটক, গুজৰাট, অন্ধ্রপ্রদেশকে ধৰি কেইবাখনো ৰাজ্যৰ চৰকাৰী হাস্পতাল আৰু বে–চৰকাকী হাস্পতালত নাটনি হোৱা অক্সিজেনৰ সমস্যাটো কেন্দ্রীয় চৰকাৰে সমাধানৰ বাবে পদক্ষেপ গ্রহণ কৰিলেও কার্যতঃ সেয়া হোৱা নাই৷ এই নাটনিৰ সুযোগ লৈ ক’ভিড বিধ্বস্ত ৰাজ্যসমূহত ব্যক্তিগতভাৱে অক্সিজেন উৎপাদন কৰা কোম্পানীসমূহে ক’লা বজাৰত একাংশ অসাধু ব্যৱসায়ীৰ জৰিয়তে অক্সিজেনৰ চিলিণ্ডাৰ বিক্রী কৰি আহিছে৷

ক’ভিড ৰোগীৰ পৰিয়ালৰ দুর্যোগৰ সুযোগ লৈ অসাধু ব্যৱসায়ীসকলে সাধাৰণতে বিক্রী হোৱা ১৫০০ টকাৰ এটা অক্সিজেন চিলিণ্ডাৰ ৩০ হাজাৰ টকাত বিক্রী কৰি আছে৷ তেনেদৰে ২০০০ টকাত বিক্রী হোৱা চিলিণ্ডাৰটো ৩৫ হাজাৰ টকাত বিক্রী কৰি আছে৷ উচ্চতম ন্যায়ালয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰক অক্সিজেন যোগানক লৈ কঠোৰ পদক্ষেপ গ্রহণ কৰি ক’লা বজাৰত যাতে অবৈধভাৱে অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিব নোৱাৰে তাৰ বাবে নির্দেশ দিয়াৰ পিছতো দেশজুৰি অবাধে চলি আছে অক্সিজেন চিলিণ্ডাৰৰ ক’লা বজাৰ৷

ক’ভিড ৰোগীৰ পৰিয়ালৰ নিঃসহায় অৱস্থাটোৰ সুযোগ লৈ অক্সিজেন চিলিণ্ডাৰৰ ক’লা ব্যৱসায় ৰাজধানী দিল্লীৰ পৰা মহাৰাষ্ট্রলৈকে অব্যাহত আছে৷ দেশৰ বিভিন্ন প্রান্তত নতুনকৈ অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ লগতে বিদেশৰ পৰাও অক্সিজেনৰ চিলিণ্ডাৰ আমদানি কৰি আছে যদিও ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বর্ধিত হোৱাত অক্সিজেনৰ নাটনিও বর্ধিত হৈ আছে৷