দেশৰ পৰৱর্তী মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰঃ ১৫ মে’ত ল’ব দায়িত্ব

নিয়মীয়া বাৰ্তা, ১৩ মেঃ দেশৰ পৰৱর্তী মুখ্য নির্বাচন আয়ুক্ত হিচাপে ৰাজীৱ কুমাৰক নিযুক্তি দিয়া হৈছে৷ কেন্দ্রীয় আইন মন্ত্রালয়ে এক অধিসূচনাযোগে বর্তমানৰ নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক পৰৱর্তী মুখ্য নির্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছে৷ অহা ১৪ মে’ত বর্তমানৰ মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্রৰ কার্যকাল শেষ হোৱাৰ পাছতেই ১৫ মে’ত দায়িত্ব ল’ব ৰাজীৱ কুমাৰে৷

কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন প্রশাসনিক পদবীত ৩০ বছৰতকৈ অধিক কাল কাম কৰাৰ অভিজ্ঞতা থকা ৰাজীৱ কুমাৰ হৈছে ১৯৮৪ চনৰ আই এ এছৰ ঝাৰখণ্ড কেডাৰ৷ তেওঁক ২০২০ চনৰ আগষ্টত নির্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল৷ ইয়াৰ পূর্বে ৰাজীৱ কুমাৰে ২০১২ৰ ১৯ মার্চৰ পৰা ২০১৫ৰ ১২ মার্চলৈ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ ব্যয় বিভাগৰ অতিৰিক্ত সচিবৰ পাছত যুটীয়া সচিব হিচাপে কার্যনির্বাহ কৰিছে৷ কেন্দ্রীয় কর্মচাৰী আৰু ৰাজহুৱা অভিযোগ নির্মূল–পেন্সন মন্ত্রালয়ৰ বিশেষ সচিব হিচাপে কার্যনির্বাহ কৰাৰ অভিজ্ঞতা আছে৷ কেন্দ্রীয় আইনমন্ত্রী কিৰেণ ৰিজিজুৱে ৰাজীৱ কুমাৰক শুভেচ্ছা জ্ঞাপন কৰিছে৷

Featured