সুন্দৰী অভিনেত্ৰীতকৈ কোনো গুণে কম নহয় ছাৰা টেণ্ডুলকাৰ…

নিয়মীয়া বাৰ্তা, ২২ জুনঃ শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰে প্ৰায়ে ছ’চিয়েল মিডিয়াত সক্ৰিয় থকা দেখা যায়। তেওঁ শ্বেয়াৰ কৰা যিকোনো ছবিয়ে সহজতে ভাইৰেল হৈ পৰে। তেওঁক ছ’চিয়েল মিডিয়াৰ কুইন বুলিও ক’ব পাৰি। ইফালে, মঙলবাৰে ছাৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত বগা পোছাকত কেইবাখনো সুন্দৰ ছবি শ্বেয়াৰ কৰে।

ছাৰা টেণ্ডুলকাৰৰ ইনষ্টাগ্ৰামত বিপুল অনুৰাগী আছে। তেওঁৰ অনুৰাগীৰ সংখ্যা ২১ লাখতকৈও অধিক। ইয়াৰ পূৰ্বে ২০২২ চনৰ আই পি এলৰ সময়ত মুম্বাইৰ কিছু মেচৰ সময়তো ছাৰাক ষ্টেডিয়ামত দেখা গৈছিল।

বলীউডত এণ্ট্ৰিক লৈ প্ৰায়েই হয় চৰ্চা!

বিগত বৰ্ষৰ নৱেম্বৰ মাহত ছাৰা টেণ্ডুলকাৰে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। অভিনেত্ৰী বনিতা সন্ধু আৰু তানিয়া শ্ৰফৰ সৈতে তেওঁক এটা বিজ্ঞাপনৰ ভিডিঅ’ত দেখা গৈছিল। ইয়াৰ পিছত অহৰহ জল্পনা-কল্পনা চলি আছিল যে ছাৰাই অতি সোনকালে বলীউডতো অভিষেক ঘটাব। সৌন্দৰ্য্যৰ ক্ষেত্ৰত ছাৰাক নিশ্চয় অভিনেত্ৰীতকৈ কম দেখা নাযায়। ছ’চিয়েল মিডিয়াত তেওঁৰ ফ’ল’ৱাৰ আৰু তেওঁৰ ছবিবোৰো তীব্ৰ ভাইৰেল হয়। বহু অভিনেতা, অভিনেত্ৰী আৰু বহু বলীউডৰ চেলিব্ৰিটিও তেওঁৰ লুকক লৈ পতিয়ন গৈছে। অলপতে বলীউডৰ এটা ৱেবচাইটৰ উদ্ধৃতি দি লগতে খবৰ ওলাল যে ছাৰা চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ ওলাইছে।

ছাৰাই মুম্বাই আৰু লণ্ডনৰ পৰা গ্ৰহণ কৰিছিল শিক্ষা

ছাৰা টেণ্ডুলকাৰে মুম্বাইৰ ধীৰুভাই আম্বানী ইণ্টাৰনেশ্যনেল স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে, তাৰ পিছত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে লণ্ডনলৈ যায়। ১৯৯৭ চনৰ ১২ অক্টোবৰত ছাৰাৰ জন্ম হৈছিল। ছাৰা হৈছে শচীন আৰু অঞ্জলিৰ প্ৰথম সন্তান।