ট্রাম্পৰ বিৰুদ্ধে ছিনেটত মহাভিযোগ ব্যৰ্থ

৫৭গৰাকী সাংসদৰহে সপক্ষত ভোটদান

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ছিনেটত মহাভিযোগত ড’নাল্ড ট্রাম্পক দোষী সাব্যস্ত কৰাৰ সমস্ত প্রচেষ্টা ব্যর্থ হৈছে৷ মহাভিযোগৰ পক্ষত দুই–তৃতীয়াংশ সাংসদৰ ভোটৰ প্রয়োজন আছিল যদিও ছিনেটত দুই–তৃতীয়াংশ ভোট পোৱাটো সম্ভৱ নহ’ল৷ ৬ জানুৱাৰীত কেপিট’ল হিলত সমর্থকসকলক আক্রমণৰ উচটনি দিয়া বুলি ট্রাম্পৰ বিৰুদ্ধে অভিযোগ আনিছিল ডেম’ক্রেটিক পার্টীয়ে৷ আনকি কেইবাগৰাকীও জ্যেষ্ঠ ৰিপাব্লিকান নেতাই অনুৰূপ অভিযোগ আনিছিল ট্রাম্পৰ বিৰুদ্ধে৷ ১০০জনীয়া ছিনেটত ৬৭গৰাকী মহাভিযোগৰ সপক্ষে ভোটদান কৰিলে ট্রাম্প দোষী সাব্যস্ত হ’লহেঁতেন৷ মহাভিযোগত দোষী সাব্যস্ত হোৱা হ’লে দেশখনত ভৱিষ্যতে পুনৰ ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সুযোগ হেৰুৱালেহেঁতেন নেতাগৰাকীয়ে৷ কিন্তু মহাভিযোগৰ সপক্ষে ৫৭গৰাকী সাংসদেহে ভোটদান কৰে৷ আনকি সাতগৰাকী ৰিপাব্লিকানেও মহাভিযোগৰ সপক্ষত ভোটদান কৰে যদিও সংখ্যাগৰিষ্ঠতা লাভ কৰাটো সম্ভৱ নহ’ল৷ মহাভিযোগৰ বিপক্ষত ৪৩গৰাকী সাংসদে ভেটাদান কৰি ট্রাম্পৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰিছে৷