সৌৰভ গাংগুলী পুনৰ অসুস্থঃ বুকুত বিষ অনুভৱৰ পিছতে এপলো হাস্পতালত ভৰ্তি

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ পুনৰ অসুস্থ হৈছে সৌৰভ গাংগুলী। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বিচিচিআইৰ সভাপতি গাগুলীয়ে আজি দুপৰীয়াৰ ভাগত অসুস্থ অনুভৱ কৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে ক্ৰিকেটাৰগৰাকীয়ে বুকুত বিষ অনুভৱ কৰিছিল। উল্লেখ্য, মাত্ৰ কেইদিনমান আগেয়ে হৃদৰোগত আক্ৰান্ত হোৱা সৌৰভ গাংগুলীয়ে সুস্থ হৈ ঘৰলৈ উভতিছিল যদিও পুনৰ অসুস্থ হোৱাৰ খবৰে উদ্বিগ্ন কৰিছে পৰিয়ালৰ লগতে অনুৰাগীক।