দক্ষিণ কোৰিয়াৰ বুছানত নির্মাণ হ’ব বিশ্বৰ প্রথম ওপঙা চহৰ

জলপৃষ্ঠ বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব পৰা সংকট মোচন

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ বিশ্বৰ প্রথম ওপঙা চহৰ নির্মাণ হ’ব দক্ষিণ কোৰিয়াত৷ গোলকীয় উষ্ণতা বৃদ্ধিয়ে সাগৰীয় জলপৃষ্ঠ বৃদ্ধিয়ে মানৱ জাতিলৈ আনিব পৰা সংকট মোচনৰ পদক্ষেপ হিচাপে দক্ষিণ কোৰিয়াই ওপঙা চহৰ নির্মাণৰ প্রস্তুতি চলাইছে৷ ৰাষ্ট্রসংঘৰ দ্বাৰা সহযোগিতা আগবঢ়োৱা ওপঙা চহৰখন দক্ষিণ কোৰিয়াৰ উপকূলীয় বুছানত নির্মাণৰ প্রস্তুতি সম্পূর্ণ হৈছে৷ সম্পূর্ণ বানপ্রুফ আন্তঃগাঁথনিৰ এই ওপঙা চহৰখন নির্মাণত ব্যয় হ’ব ২০০ মিলিয়ন মার্কিন ডলাৰ৷ সাগৰীয় জলসৃষ্ট বানৰ বিপদৰ পৰা ৰক্ষা কৰিব পৰাকৈ নির্মাণ হ’বলগীয়া ওপঙা চহৰখন ৭৫ হেক্টৰৰ ওপৰত হ’ব আৰু ইয়াৰ বাসিন্দা হ’ব ১০ হাজাৰ লোক৷ সৌৰ পেনেলৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰাৰ লগতে ইয়াৰ জৰিয়তেই খাদ্য আৰু বিশুদ্ধ পানীও উৎপাদন হ’ব৷ ২০২৫ চনত নির্মাণ সম্পূর্ণ হৈ উঠিবলগীয়া চহৰখনৰ নির্মাণৰ বাবে ৰিপাব্লিক অব্ কোৰিয়াৰ বুছান মেট্র’পলিটান চিটী, ইউএন–হেবিটেট আৰু নিউয়র্ক ডিজাইনাৰ অ’চেনিম্রৰ মাজত ঐতিহাসিক চুক্তি সম্পন্ন হৈছে৷ উল্লেখ্য যে ওপঙা চহৰখনৰ আশে–পাশে মানৱসৃষ্ট কেইবাটাও কৃত্রিম দ্বীপ থাকিব আৰু দ্বীপৰ পৰা ওপঙা চহৰখনলৈ ফেৰীৰে যাতায়াত চলিব৷ দ্বীপপুঞ্জৰ মাজত নেটৱর্ক থাকিব আৰু বাসিন্দাসকলে পেডেল নাৱেৰে যাতায়াত কৰিব পাৰিব৷ ইউএন–হেবিটেটৰ কার্যবাহী সঞ্চালক মাইমুনাহ মহম্মদ শ্বৰীফে প্রকাশ কৰা মতে, জলবায়ু গ্রহণযোগ্য নীতিৰ অংশ হিচাপে বহনক্ষম ওপঙা চহৰ আমাৰ বাবে প্রাসংগিক৷ পানীৰ সৈতে যুঁজাৰ পৰিৱর্তে পানীৰ সৈতে সংহতিৰে বসবাস কৰা উচিত৷ মন কৰিবলগীয়া যে ওপঙা চহৰখন নির্মাণত স্থানীয় উৎসৰ সামগ্রী ব্যৱহাৰ কৰা হ’ব৷ দ্রুতগতিত ডাঙৰ হোৱা বাঁহ তীখাতকৈ ছয়গুণ শক্তিসম্পন্ন আৰু ই কার্বন নির্গমন ঋণাত্মক৷ তাৎপর্যপূর্ণ যে চহৰখনত বাসিন্দাসকলে ভাৰা দি বসবাস কৰিব নে নিজাববীয়াকৈ গৃহ ক্রয় কৰিব পাৰিব, সেই সন্দর্ভত কোনো তথ্য প্রকাশ পোৱা নাই৷ ওপঙা চহৰখনৰ আর্হি প্রকাশ পোৱাৰ লগে লগেই বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে৷