ক’ভিড–১৯ৰ বাবে চীনা সামগ্রীৰ সৰবৰাহ হ্রাস পাইছে ভাৰতত

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  চলিত বর্ষৰ এপ্রিলৰ পৰা জুলাইলৈকে ভাৰতলৈ চীনৰ পৰা বিভিন্ন সামগ্রীৰ আমদানি যথেষ্ট পৰিমাণে হ্রাস পাইছে৷ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগমন্ত্রী পীযূষ গোৱেলে এই কথা ঘোষণা কৰিছে৷ ক’ভিড সংকটৰ বাবেই এই সময়ছোৱাত চীনৰ পৰা ভাৰতলৈ আমদানি ২৩.৪৫শ কোটি আমেৰিকান ডলাৰৰ পৰা ১৬.৬০শ কোটি ডলাৰলৈ হ্রাস পাইছে৷  ৰাজ্যসভাত এক লিখিত উত্তৰত মন্ত্রী গোৱেলে এই কথা সদৰী কৰে৷ ক’ভিড মহামাৰীৰ বাবে গোলকীয় আৰু ঘৰুৱা যোগানৰ ক্ষেত্রত বাধা আহি পৰা বুলিও মন্ত্রীগৰাকীয়ে ৰাজ্যসভাত সদৰী কৰে৷ লক্ষণীয়ভাৱে বিভিন্ন বৈদ্যুতিন সামগ্রী, টেলিকম যন্ত্র, কম্পিউটাৰ হার্ডৱেৰ, ঔদ্যোগিক যন্ত্রপাতি আৰু ৰাসায়নিক সামগ্রী এই সময়ছোৱাত কমকৈ আমদানি হৈছে চীনৰ পৰা।