ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব পুটিন

ইউৰোপ–আমেৰিকাৰ সম্পর্ক বিঘ্ণিত কৰাৰ অপচেষ্টাঃ ৰাছিয়ালৈ সকীয়নি বাইডেনৰ

নিয়মীয়া বাৰ্তা ১১ জুনঃ প্রথমটো বিদেশ ভ্রমণসূচীৰে ব্রিটেইনত উপস্থিত হোৱা আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ৰাছিয়াৰ শীর্ষ নেতা ভ্লাডিমিৰ পুটিনলৈ কঠোৰ সকীয়নি দি মন্তব্য কৰিছে যে ইউৰোপ আৰু আমেৰিকাৰ সম্পর্ক বিঘ্ণিত কৰিবলৈ অপচেষ্টা চলালে পুটিনে কঠোৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব৷ ড’নাল্ড ট্রাম্প প্রশাসনৰ দিনত ইউৰোপ আৰু আমেৰিকাৰ মাজত সম্পর্ক বিঘ্ণিত হৈছিল৷ সেই সম্পর্কক পুনৰ জীৱন দিবলৈ প্রচেষ্টা চলাইছে জ’ বাইডেনে৷ কালি লণ্ডনত উপস্থিত হৈয়েই ব্রিটিছ প্রধানমন্ত্রী ব’ৰিছ জনছনৰ সৈতে গুৰুত্বপূর্ণ আলোচনাত মিলিত হৈ আটলাণ্টিক চুক্তিৰ নতুন অধ্যায় মুকলি কৰাৰ ক্ষেত্রত সহমত পোষণ কৰিছে বাইডেনে৷ ১৯৪১ চনত উইনষ্টন চার্চিল আৰু ফ্রেংকলিন ৰুছভেল্টৰ মাজত যি চুক্তি স্বাক্ষৰ হৈছিল, তাক নতুন ৰূপ দিয়াৰ সংকল্প লৈছে বাইডেন আৰু জনছনে৷ লক্ষণীয়ভাৱে আমেৰিকা আৰু ইউৰোপৰ সম্পর্কক লৈ বিভিন্ন সময়ত উদ্বেগ প্রকাশ কৰি আহিছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ ৮ দিনীয়া ইউৰোপ ভ্রমণৰ সামৰণিত জ’ বাইডেনে ৰুছ ৰাষ্ট্রপতি পুটিনৰ সৈতে জেনেভাত আলোচনাত মিলিত হ’ব যদিও বাইডেনৰ শেহতীয়া মন্তব্যই এই আলোচনাত চেঁচাপানী ঢ়ালিব বুলি বিভিন্ন মহলে আশংকা কৰিছে৷