বিশেষ বাৰ্তা, ১৩ ফেব্রুৱাৰীঃ অহা ১৬ ফেব্রুৱাৰীত ভোটগ্রহণ হ’বলগীয়া ত্রিপুৰা বিধানসভা নির্বাচনৰ বাবে বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই চুবুৰীয়া ৰাজ্যখনত নির্বাচনী প্রচাৰ অব্যাহত ৰাখিছে৷ ৰাজ্যখনৰ ৰাইমা উপত্যকাৰ ৰাইছায়াবাৰীত দলীয় প্রার্থী বিকাশ চাংমা আৰু আম্পি নগৰ বিধানসভা সমষ্টিৰ দলীয় প্রার্থী পাতালকন্যা জামাতিয়াৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ বিশাল নির্বাচনী সমাৱেশ দুখনত ত্রিপুৰাৰ প্রগতি আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ বিজেপি প্রার্থীসকলৰ সমর্থনত জনসাধাৰণক ভোটদান কৰিবলৈ আহ্বান জনায়৷ ৰাইছায়াবাৰীত অনুষ্ঠিত বিজয় সংকল্প জনসভাত মুখ্যমন্ত্রী ড০ শর্মাই বিজেপি দলে ত্রিপুৰাক ভাগ ভাগ হ’বলৈ নিদিয়ে বুলি উল্লেখ কৰি কয় যে তাৰ বাবেই বিজেপি দলে ‘তিপ্রা মথা’ৰ মিত্রতাৰ প্রস্তাৱ অগ্রাহ্য কৰিছে৷ তিপ্রা মথাৰ মুৰব্বী প্রদ্যুৎ বিক্রম মনিক্য দেৱবার্মা, যিজনক মহাৰাজ বুলি কোৱা হয়, তেওঁ ত্রিপুৰাৰ জনজাতি বসতিপ্রধান অঞ্চলসমূহক লৈ বৃহত্তৰ ত্রিপুৰা গঠনৰ দাবী উত্থাপন কৰিছে৷ এই সন্দর্ভত দিছপুৰত ড০ শর্মাৰ সৈতে তেওঁ আলোচনাত মিলিত হোৱাৰ বিষয়েও উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– ক্ষমতাৰ বাবে আমি মহাৰাজৰ লগত হাত মিলাব পাৰিলোঁহেঁতেন৷ কিন্তু বিজেপিয়ে ত্রিপুৰাৰ বিভাজন নিবিচাৰে৷ ত্রিপুৰা বিভক্ত হ’ব নিদিয়ে৷ তাৰ বাবেই তিপ্রা মথাৰ লগত বিজেপিয়ে মিত্রতা নকৰিলে৷ বিজেপি ক্ষমতাত থাকক বা নাথাকক, ত্রিপুৰাখন এক ত্রিপুৰা, শ্রেষ্ঠ ত্রিপুৰা হৈ থকাটো বিচাৰোঁ৷ উল্লেখ্য যে এইবাৰ ত্রিপুৰা বিধানসভা নির্বাচনত বিজেপিয়ে আইপিএফটিৰ সৈতে মিত্রতা কৰিছে৷ ৬০জনীয়া বিধানসভাত বিজেপিয়ে ৫৫টা সমষ্টিত আৰু আইপিএফটিয়ে ৫টা সমষ্টিত প্রার্থিত্ব আগবঢ়াইছে৷ সেইদৰে তিপ্রা মথাই ৪২টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ আৰু চিপিআই (এম) দলে ছেকুলাৰ ডেম’ক্রেটিক ফ্রণ্ট গঠন কৰি এই নির্বাচনত অৱতীর্ণ হৈছে৷ কংগ্রেছে ১৩টা সমষ্টিত আৰু চিপিআই (এম)–এ ৪৩টা সমষ্টিত প্রার্থিত্ব দিছে৷
কংগ্রেছ–বাঁওপন্থীয়ে উত্তৰ–পূর্বাঞ্চলক অন্ধকাৰৰ মাজলৈ ঠেলি দিছিলঃ কেন্দ্রীয় মন্ত্রী সোণোৱাল
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও শেহতীয়াকৈ ত্রিপুৰাত আৰম্ভ কৰিছে নির্বাচনী প্রচাৰ৷ ৰাজ্যখনত সীমনা বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী বিনোদ দেৱবার্মা আৰু বৰজালা সমষ্টিৰ বিজেপি প্রার্থী ডাঃ দিলীপ দাসৰ হৈ নির্বাচনী প্রচাৰ চলাই কংগ্রেছ আৰু বাঁওপন্থী দলসমূহক ক্ষুৰধাৰ সমালোচনা কৰে৷ কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় যে ত্রিপুৰাৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চল কংগ্রেছ আৰু বাঁওপন্থী দলসমূহৰ অপশাসন তথা অন্ধকাৰ যুগৰ সাক্ষী হৈ আছে৷ তেওঁলোকে দুর্নীতি, ভ্রষ্টাচাৰ, অৱহেলা আৰু শোষণেৰে উত্তৰ–পূর্বাঞ্চলক কোঙা কৰি পেলাইছিল আৰু অঞ্চলটোৰ বিকাশৰ গতি স্তব্ধ কৰাৰ লগতে অশান্তি আৰু বিভেদৰ সৃষ্টি কৰিছিল৷