মিজোৰামত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৫০৬ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ মিজোৰামত সুস্থ হৈ উঠা ১০ গৰাকী লোকক আজি নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰে স্বাস্থ্যবিভাগে। যাৰ পাছতে ৰাজ্যখনত সক্ৰিয় ক’ৰোনাত আক্ৰান্তৰ ঘটনা ৫৫৭ জনলৈ হ্ৰাস পায়।

ইতিমধ্য়ে ৰাজ্যখনত ক’ৰোনাত আক্ৰান্তৰ ঘটনা হৈছে ১৫০৬ জন। ইয়াৰ ভিতৰত মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৯৪৯ জন।