মিছেছ ইণ্ডিয়াৰ ফাইনেললৈ উত্তৰ–পূবৰ ১১গৰাকী মডেল

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল:  ফেশ্বন জগতৰ ক্ষেত্রখনত বিশেষ ভূমিকা গ্রহণ কৰি অহা মিছেছ ইণ্ডিয়া চি ইজ ইণ্ডিয়াৰ উদ্যোগত মিছেছ ইণ্ডিয়া ইউনিভার্ছ ২০২১ৰ অডিচন কালি গুৱাহাটীত অনুষ্ঠিত হয়৷ গুৱাহাটীৰ লিলি হোটেলত অনুষ্ঠিত এই অডিচনৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ ১১গৰাকী প্রতিযোগীক মিছেছ ইণ্ডিয়া ইউনিভার্ছত অংশগ্রহণৰ বাবে বাছনি কৰা হয়৷

দিল্লী আৰু মালদ্বীপত অনুষ্ঠিত হ’ব লগা মিছেছ ইণ্ডিয়া ইউনিভার্ছৰ ফাইনেলত দেশৰ ১০০গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰিব৷ মিছেছ ইণ্ডিয়া চি ইজ ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া ৰিছা সিং আৰু ৰাজ্যিক সঞ্চালক উর্মিমালা বৰুৱাই জানিবলৈ দিছে৷