অৰুণাচলত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ১৬ মার্চ: অৰুণাচল প্ৰদেশৰ মাণ্ডালা পাহাৰীয়া অঞ্চলৰ সমীপত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। ইতিমধ্যে হেলিকপ্টাৰখনক বিচাৰি অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। সেনাৰ সূত্ৰই এই সন্দৰ্ভত তথ্য প্ৰদান কৰা মতে হেলিকপ্টাৰখন চেংগেৰ পৰা মিছামাৰী অভিমুখে উৰা মাৰিছিল। দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰখনত ২ জন পাইলট আছিল।

গুৱাহাটীৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে নিশ্চিত কৰিছে যে আজি পুৱা প্ৰায় ৯.১৫ বজাত অপাৰেচনেল ছৰ্টীত থকা চিতা হেলিকপ্টাৰখনে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ৰ সৈতে যোগাযোগ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

Featured