কাটিহাৰ-নিউ জলপাইগুৰিলৈ মুকলি ইলেকট্ৰিক ৰে’লসেৱা

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ আজি কাটিহাৰৰ পৰা নিউ জলপাইগুৰিলৈ মুকলি হ’ল ইলেকট্ৰিক ৰে’লসেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভনি কৰে এই ৰে’লসেৱাৰ। ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভিডিঅ’ কনফাৰেন্সযোগে এই সেৱা মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। উত্তৰ-পূবৰ যাতায়াতৰ ক্ষেত্ৰত এই ইলেকট্ৰিক ৰে’লসেৱাই নিশ্চয়কৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।ইয়াৰ লগতে কচি ৰে’ল মহাসেতুও দেশবাসীলৈ মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।