‘আমি ধৰ্মক লৈ বৈষম্য নকৰোঁ, মেঘালয় কংগ্ৰেছৰ বাবে এটিএম’: প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মেঘালয়ৰ তুৰাত মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশ লয়। এই সভাত তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে কংগ্ৰেছে আগতে কেৱল নিৰ্বাচনৰ সময়তহে মেঘালয়ক মনত ৰাখিছিল। আগতে আপোনালোকৰ পাবলগীয়া উচিত ধন লুটি লৈছিল। মেঘালয় কংগ্ৰেছৰ বাবে এটিএম বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে বিজেপিয়ে জাতি-ধর্মৰ ভিত্তিত বৈষম্য নকৰে৷ আৰু কয়, ‘আমাৰ চৰকাৰে কেৰালাৰ এগৰাকী খ্ৰীষ্টান নাৰ্ছক ইৰাকৰ সন্ত্ৰাসবাদীৰ হাতৰ পৰা উদ্ধাৰ কৰি আনিছিল। আমি খ্ৰীষ্টান ধৰ্মকে ধৰি সকলোৰে বাবে কাম কৰিছোঁ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ কয় যে মেঘালয়কে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে আমি পুৰণি চিন্তা-চৰ্চা আৰু পন্থা সলনি কৰিছোঁ। কংগ্ৰেছ চৰকাৰে এই অংশক দেশৰ শেষ অংশ বুলি গণ্য কৰাৰ বিপৰীতে বিজেপিয়ে উত্তৰ-পূবক দেশৰ উন্নয়নৰ ইঞ্জিন বুলি গণ্য কৰে।

Featured