২৪ ফেব্রুৱাৰীত মেঘালয়–নাগালেণ্ডত প্রচাৰ চলাবলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী

  • নাগালেণ্ড–মেঘালয় দখলৰ লক্ষ্যৰে বিজেপিৰ ব্যাপক প্রচাৰ অভিযান
  • তুৰা–শ্বিলঙত চলাব নির্বাচনী প্রচাৰ
  • ২০ ফেব্রুৱাৰীত নাগালেণ্ডত প্রচাৰ চলাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে
  • ২১ ফেব্রুৱাৰীত গির্জাৰ মুৰব্বীৰে বহিব বৈঠকত
  • মেঘালয়ৰ দুর্গম অঞ্চলৰ ভোটাৰৰ বাবে নির্বাচন আয়োগে কৰিছে হোম ভোটিং ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৮ ফেব্রুৱাৰী: ত্রিপুৰাৰ নির্বাচনী যুঁজ সম্পন্ন কৰি
এইবাৰ বিজেপি নামি পৰিছে মেঘালয় আৰু নাগালণ্ডেৰ নির্বাচনৰ বাবে৷ অহা ২৭
ফেব্রুৱাৰীত পাহাৰীয়া ৰাজ্য দুখনত অনুষ্ঠিত হ’বলগা বিধানসভা নির্বাচনৰ
বাবে কেন্দ্রৰ শাসকীয় দলটোৱে আৰম্ভ কৰিছে ব্যাপক প্রচাৰ অভিযান৷ বিজেপিয়ে
মেঘালয়ক লক্ষ্য কৰি লৈছে গাৰো হিলছৰ ৩০খনতকৈও অধিক আসনত৷ এই লক্ষ্যৰে
ইতিমধ্যে গাৰো হিলছত দুদিনীয়াকৈ প্রচাৰ অভিযান চলাই উভতি গ’ল কেন্দ্রীয়
গৃহমন্ত্রী অমিত শ্বাহ৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ সমান্তৰালকৈ অসমৰ
মুখ্যমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত হিমন্ত বিশ্ব শর্মাও ব্যস্ত হৈ
আছে নির্বাচনী প্রচাৰ অভিযানত৷ এনে ব্যস্ততাপূর্ণ নির্বাচনী প্রচাৰ
অভিযানৰ মাজতে অহা ২৪ ফেব্রুৱাৰীত মেঘালয় আৰু নাগালেণ্ডত প্রচাৰ অভিযান
চলাবলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ তুৰা আৰু শ্বিলঙত দুখনকৈ
নির্বাচনী সভাত অংশ লোৱাৰ পাছতেই প্রধানমন্ত্রীয়ে  মোদীয়ে নাগালেণ্ডতো
চলাব প্রচাৰ অভিযান৷ প্রধানমন্ত্রীৰ আগমনক কেন্দ্র কৰি ৰাজ্য দুখনত আৰম্ভ
হৈছে ব্যাপক তৎপৰতা৷

উল্লেখ্য যে মেঘালয় আৰু নাগালেণ্ডত ইতিপূর্বে নির্বাচনী ইস্তাহাৰ মুকলিৰে প্রচাৰ অভিযান আৰম্ভ কৰিছিল বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ ইফালে, প্রধানমন্ত্রী মোদীৰ আগমনৰ
পূর্বে ২০ ফেব্রুৱাৰীত নাগালেণ্ডত নির্বাচনী প্রচাৰ অভিযান চলাবলৈ
উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ মেঘালয়ত দুদিনীয়াকৈ প্রচাৰ
অভিযানৰ পাছত নাগালেণ্ডতো ২০ আৰু ২১ ফেব্রুৱাৰীত চলাব প্রচাৰ অভিযান৷ ২০
ফেব্রুৱাৰীত মন, মুককচাং আৰু টুৱেনচাং জিলাত তিনিখনকৈ নির্বাচনী সভাত অংশ
লোৱাৰ পাছত অমিত শ্বাহে ২১ ফেব্রুৱাৰীত গির্জাৰ মুৰব্বীসকলৰ সৈতে এক
বৈঠকত বহিব৷ এই বৈঠকত ইএনপি’ আৰু কন্যাক সংগঠনৰ মুৰব্বীসকলো উপস্থিত
থাকিব৷

উল্লেখ্য যে নাগালেণ্ডত এনডিপিপিৰ সৈতে বিজেপিয়ে নির্বাচনী
মিত্রতাত উপনীত হৈছে৷ পাহাৰীয়া ৰাজ্যখনত বিজেপিয়ে ২০খন আসনত
প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এনডিপিপিয়ে ৪০খন আসনত প্রতিদ্বন্দ্বিতা
আগবঢ়াইছে৷

মন কৰিবলগীয়া যে নাগালেণ্ডত বিজেপি আৰু এনডিপিপিৰ নির্বাচনী
প্রচাৰৰ তুলনাত প্রায় নিষ্প্রভ দেখা গৈছে বিৰোধী দলসমূহক৷ ৰাজ্যখনত
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুৱে নিৰন্তৰভাৱে
চলাই গৈছে প্রচাৰ অভিযান৷

Featured