বিধায়ক ইমানুৱেল মুছাহাৰীয়ে শীঘ্ৰে আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত

চৰকাৰী আঠুৱাৰে ৰাজনীতি কৰিছে হাগ্ৰামাৰ বিপিএফে- বিধায়ক ইমানুৱেল

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে শীঘ্ৰে আনুষ্ঠানিকভাৱে গেৰুৱা দল বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰিছে সংবাদ মাধ্যমৰ আগত।বাগসাৰ নাওকাটাত বিজেপিৰ কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰিবলৈ আহি আজি ‘নিয়মীয়া বাৰ্তা’ৰ আগত বিধায়ক ইমানুৱেল মুছাহাৰীয়ে কয় যে সমষ্ঠিটোৰ বিশ সহস্ৰাধিক দলীয় কৰ্মীসহ গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰিব।ইতিমধ্যে বিজেপি গমনৰ চুড়ান্ত সিদ্ধান্ত হোৱা বুলিও জানিবলৈ দিয়ে।অৱশ্যে বিটিচি নিৰ্বাচনৰ পুৰ্বে বিজেপিত যোগদান নহয় যদিও দলটোৰ হৈ কাম কৰাৰ কথা ঘোষণা কৰে।বিধায়ক মুছাহাৰীয়ে বিপিএফ দলত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিপিএফ দলটোত বিপিএফেই শত্ৰুহৈ পৰিছে।আনকি বিগত বিধান সভাৰ নিৰ্বাচনতো একাংশ বিপিএফ নেতাই নিৰ্বাচনত পৰাজীত কৰিবলৈ উঠিপৰি লাগিছিল।তাৰ অন্যতম হ’ল বিপিএফ দলৰ সাংসদ বিশ্বজিত দৈমাৰী।বিশ্বজিত দৈমাৰীয়ৰ লেং মৰা ৰাজনীতি চলাই আহিছে বিপিএফ দলটোত।সেইবাবেই বিপিএফ ত্যাগ কৰি বিজেপিত যোগদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে।বিধায়ক গৰাকীয়ে তাৎপৰ্যপুৰ্ণ মন্তব্য কৰি কয় যে তামুলপুৰ বিধান সভা সমষ্টিটোত বিগত ২০১১ চনৰ পৰাহে প্ৰকৃততে নিৰ্বাচন অনুষ্ঠিত হৈছে।ইয়াৰ আগতে সমষ্টিটোত ৰেগিঙৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হৈ অহা বুলি প্ৰকাশ কৰে।আনহাতে হাগ্ৰামাৰ বিটিচিত আঠুৱাৰ ৰাজনীতি চলি থকা অভিযোগ কৰি কয় যে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেটত বিটিচিৰ স্বাস্থ্য বিভাগে ২৫ কোটি টকাৰ আঠুৱা ক্ৰয় কৰি বিতৰণৰ অনুমোদন লাভ কৰে সেই মতে আঠুৱা ক্ৰয় কৰি এতিয়া আঠুৱাৰ ৰাজনীতি আৰম্ভ কৰিছে বিপিএফৰ দলটোৱে।তামুলপুৰৰ বিধায়ক গৰাকীয়ে বিটিচিত নিযুক্তিৰ ক্ষেত্ৰতো অনিয়ম হোৱা বুলি মন্তব্য কৰে।