নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ কোকৰাঝাৰ জিলাৰ ভাৰত–ভূটান সীমান্তৰ লুংছুং বনাঞ্চলত শনিবাৰে পুৱতিনিশা আৰক্ষীৰে হোৱা সংঘর্ষত দুগৰাকী ইউ এল বি সদস্য নিহত হয়৷ নিহত যুৱকদ্বয়ক টিপকাইৰ জনক ব্রহ্ম আৰু পাটগাঁৱৰ জৌংসাৰ মুছাহাৰী বুলি জানিব পৰা গৈছে৷
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, আঠটা হেণ্ড গ্রেনেড আৰু বহু আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিছে৷ আনহাতে, পাটগাঁৱৰ জৌংসাৰ মুছাহাৰীৰ পৰিয়ালে ঘটনাটো সম্পূর্ণৰূপে ভুৱা এনকাউণ্টাৰ বুলি দাবী কৰি কয় যে তেওঁলোক ইউ এল বিৰ সদস্য নাছিল৷ যোৱা ১৬ ছেপ্ঢেম্বৰত তেওঁলোক ঘৰৰ পৰা ওলাই গৈছিল৷ তেওঁলোক আফলাগাঁৱত এক দুর্ঘটনাত পতিত হয় আৰু ভৰিত আঘাত পায়৷ দুর্ঘটনাৰ পাছত গাঁৱৰ মানুহে আৰক্ষীক অৱগত কৰাত ছেৰফাংগুৰি আৰক্ষীয়ে তেওঁলোকক আটক কৰি থানালৈ নিয়ে৷ থানালৈ লৈ যোৱাৰ পাছত নিশা কেনেদৰে এনকাউণ্টাৰ হ’ল, সেই সন্দর্ভত পৰিয়ালে আশ্চর্য প্রকাশ কৰে৷ পূর্বতে জৌংসাৰ এন ডি এফ বিৰ সদস্য আছিল যদিও বহু দিন পূর্বেই আত্মসমর্পণ কৰি সাধাৰণ জীৱন যাপন কৰি আছিল৷ মাত্র ১৫ দিন পূর্বে জৌংসাৰ এগৰাকী কন্যা সন্তানৰ পিতৃ হয়৷
ইপিনে, কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে এখন সংবাদ মেলত কয় যে যোৱা কিছু দিনৰ পৰা কোকৰাঝাৰৰ উত্তৰাঞ্চলত এক বিশেষ চক্রই ধন দাবীৰে সন্ত্রাস সৃষ্টি কৰি আহিছিল৷ বিশেষ সূত্রৰ তথ্য অনুসৰি কালি আৰক্ষীয়ে ঘাইপথত তালাচী চলাই থকা অৱস্থাত দুজন যুৱকে এখন মটৰচাইকেলেৰে তীব্র গতিত আহি আৰক্ষীৰ বেহু ভেদি পলায় যদিও অফলাগাঁৱত দুর্ঘটনাত পতিত হয়৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে পিষ্টল, দাসহ তেওঁলোকক কৰায়ত্ত কৰি থানালৈ আনে৷ সোধা–পোছাৰ অন্তত তেওঁলোকে নিজকে ইউ এল বিৰ সদস্য বুলি স্বীকাৰ কৰাৰ লগতে উল্টাপানী এলেকাত তেওঁলোকৰ এটা অস্থায়ী কেম্প আছে বুলিও সদৰী কৰে৷
সেই স্বীকাৰোক্তিৰ পাছত নিশাই আৰক্ষীয়ে তেওঁলোকক লৈ উল্টাপানী বনাঞ্চললৈ লৈ যায়৷ সেই সময়তে বিপৰীত পক্ষৰ পৰা আৰক্ষীলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবর্ষণ কৰে আৰু সেই সুযোগতে যুৱকদ্বয়ে পলায়ন কৰে৷ আৰক্ষীৰ সৈতে কমেও ৩০ মিনিট ধৰি গুলীচালনা সংঘটিত হয়৷ পৰিৱেশ শান্ত হোৱাৰ পাছত আৰক্ষীয়ে যুৱক দুজনক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
অতিৰিক্ত আৰক্ষী অধীক্ষক পানেছাৰে কয় যে সেই অভিযানত আৰক্ষীয়ে ইউ এল বিৰ অস্থায়ী কেম্পটো ধ্বংস কৰে৷ কোকৰাঝাৰ জিলাত ৭–৮গৰাকী ইউ এল বি কেডাৰ আৰু সমর্থক আছে বুলি তেওঁ জানিবলৈ দিয়ে৷ সংঘর্ষত নিহত যুৱকদ্বয় পূর্বতে এন ডি এফ বিৰ সদস্য আৰু তেওঁলোক ম্যানমাৰত প্রশিক্ষণপ্রাপ্ত আছিল৷