গহপুৰৰ বাদ্যশিল্পী ভাৰ্গৱ হাজৰিকাৰ বাঢ়নি পানীত ডুবি মৃত্যু

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ গহপুৰ নগৰৰ নিজ গহপুৰ নিবাসী বিশিষ্ট শিল্পী কৃষ্ণ হাজৰিকাৰ পুত্ৰ ভাৰ্গব হাজৰিকাৰ(৪৬) কালি নিশা বাঢ়নী পানীত ডুবি মৃত্যুৰ বাতৰিয়ে সমগ্ৰ গহপুৰৰ শোকৰ ছাঁ পেলাইছে। এগৰাকী সুদক্ষ বাদ্যযন্ত্ৰী হিচাবে পৰিচিত ভাৰ্গৱ হেলেম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অস্থায়ী কৰ্মচাৰী আছিল।
জানিব পৰামতে কালি সন্ধ্য অফিচাৰ পৰা আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি নিজ গৃহ অভিমুখে খোজ কাঢ়ি  গৈ থকা অৱস্থাত প্ৰবল সোতে উটুৱাই নিয়ে ভাৰ্গৱক। আজি পুৱা পথৰ দাঁতিত থকা এটা খালত মৃতদেহ উদ্ধাৰ হয়। টিপল, ধুলকী, নাল আদি বজোৱাত পাকৈত সকলোৰে মাজত মইনা হিচাবে পৰিচিত ভাৰ্গবে মৃত্যুৰ সময়ত পত্নী সহিতে পিতৃ-মাতৃ আৰু এজন জ্যেষ্ঠ ভাতৃক ইহসংসাৰত এৰি থৈ যায়।