নিয়মীয়া বাৰ্তা, ১৪ মার্চ: টিংখাঙত একেলগে বহিল ২০১ যোৰ দৰা-কইনা । দৰা-কইনাক আৰ্শীবাদ দিবলৈ বিবাহ মণ্ডপত উপস্থিত থাকিল হাজাৰ-হাজাৰ ৰাইজ। কালি টিংখাঙৰ ডিৰাইত অনুষ্ঠিত হয় এখন সামূহিক বিবাহ। টিংখাঙৰ ডিৰাই চাহ বাগিছাৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত তথা দি হান্স ফাউণ্ডেশ্যনৰ সামূহিক বিবাহ সংস্কাৰ অনুস্থান অনুষ্ঠিত হয়। এই বিশেষ বিবাহ অনুষ্ঠানত টিংখাঙৰ বিভিন্ন ঠাইতৰ বহু ৰাইজ উপস্থিত থাকি অংশগ্ৰহণ কৰি দৰা-কইনাক আশীৰ্বাদ প্ৰদান কৰে। উল্লেখ্য যে পূৰ্বে বিবাহ সম্পন্ন হৈছিল যদিও এই সকল লোকে বিভিন্ন কাৰণত সামাজিক নীতি নিয়মৰ পৰা বিৰত থকাত এই সংস্থাৰ উদ্যোগত ৰাজহুৱা ভাৱে বিবাহ কাৰ্য সম্পাদন কৰাত একেলগে ২০১ যোৰা দৰা কইনা বহিবলৈ পাই যথেষ্ট আনন্দ প্ৰকাশ কৰে দৰা-কইনা সকলে।
কৃষ্ণ গগৈ, টিংখাং।