বালিপৰাত অব্যাহত উচ্ছেদ অভিযান

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গুদামঘাট, গুদামঘাট মিৰি, গুদামঘাট বাঙালী আদি অঞ্চলত বিগত দুটা দিনে জিলা প্ৰশাসন, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু চাৰিদুৱাৰ আৰক্ষীৰ পৃষ্ঠপোষকতাত উচ্ছেদ অভিযান চলি আছে। বুলডজাৰ লগাই উচ্ছেদ কৰা হৈছে অঞ্চলটোৰ জৰাসৰ আৰু মানশিৰি নৈৰ সুঁতি বন্ধ কৰি এক বিশেষ সম্প্ৰদায়ৰৰ লোকে পুখুৰী খান্দি তথা মৎস্য ব্যৱসায় কৰি থকা বৃহৎ বৃহৎ পুখুৰী, মথাউৰি, ঘৰ-দুৱাৰ ।

উল্লেখ্যে যে একাংশ লোকে নৈ দুখনৰ গতিপথত বাধা প্ৰদান কৰি পুখুৰী ,ঘৰ-দুৱাৰ আদি সজাৰ লগতে নৈ পাৰৰ ভূমিত কৃষিকৰ্ম কৰি অহাৰ ফলত মানশিৰি আৰু জৰাসৰ নৈৰ বানে প্ৰতিবছৰে অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাই ৰাইজৰ অনিষ্ট সাধন কৰি আহিছে । এই কাৰ্যৰ ফলত বালিপৰাৰ বান পৰিচালনা ব্যৱস্থাপনাত দীৰ্ঘদিনৰেপৰা বাধাৰ সৃষ্টি হৈ আহিছিল । বালিপৰা অঞ্চলক বানমুক্ত কৰাৰ লক্ষ্যৰে অব্যাহত থকা এই উচ্ছেদ অভিযানত চাৰিদুৱাৰ আৰক্ষীৰ লগতে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈ উপস্থিত থাকি নিৰীক্ষণ কৰিছে । আনহাতে উচ্ছেদস্থলীত কালি বিয়লি দলীয়া কাৰ্যকৰ্তাসহ উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে ৭৪ নং ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । পৰিদৰ্শনৰ সময়ছোৱাত তেখেতক সংগী দিয়ে দলীয় কাৰ্যকৰ্তা অপূৰ্ব সেন ডেকা, কৈলাশ মণ্ডল আদিয়ে ।