নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ নিত্য ব্যৱহৃত সামগ্রীকে ধৰি তৈলজাত সম্পদ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধোৱাৰ সন্ধিক্ষণতেই চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰকে ধৰি জিলাখনৰ অন্তৰ্গত মৰাণ , চেপনত চলাচল কৰা ই – ৰিক্সাই হঠাৎ ভাড়া বৃদ্ধি কৰাত সাধাৰণ গঞা আৰু শ্ৰমিকসকল বিবুদ্ধিত পৰিছে । এক কিলোমিটাৰ দূৰত্বৰ ভাড়া ই – ৰিক্সাই কুৰি টকাৰ পৰা ত্ৰিছ টকা আদায় লোৱাত যাত্রী আৰু ই – ৰিক্সা চালকৰ মাজত বাক – বিতণ্ডা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । মূল্যবৃদ্ধিৰ অনিয়ন্ত্ৰিত ব্যৱস্থাৰ গইনা লৈ যাত্ৰীসকলক পাভচোচা দিয়া ই – ৰিক্সা চালকলকলক জিলা পৰিবহণ বিভাগে নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ব্যৰ্থ হোৱাত ই – ৰিক্সা চালকসকলে দুগুণে উৎসাহিত হৈ স্ব – ইচ্ছাৰে ভাড়া বৃদ্ধি কৰাত সাধাৰণ জনতা যাতায়াতৰ ক্ষেত্ৰত প্ৰবল সমস্যাৰ সন্মুখীন হৈছে । ই – ৰিক্সাত উঠিলেই যাত্রী চাই চালকে বিছ টকা আদায় লোৱাটো এক নিয়মিত ঘটনালৈ ৰূপান্তৰ হৈছে ।
সাধাৰণ যাত্ৰীৰ পৰা বলপূর্বক নিৰ্ধাৰিত মূল্যতকৈ চৰকাৰী নিৰ্দেশনা অবিহনে ভাড়া আদায় লৈ থকা একাংশ ই – ৰিক্সা চালকৰ মই মতালিত বহু যাত্রী অপমানিত হোৱাই নহয় , অবাঞ্ছিতভাৱে অপ্রীতিকৰ পৰিস্থিতিৰো সন্মুখীন হ’বলগা হৈছে । জিলাখনত চলি থকা বহুকেইখন ই ৰিক্সা চালকৰ বয়সৰ ওপৰত সন্দেহ । কাৰণ ১৮ বছৰৰ তলৰ বহুকেইগৰাকী কিশোৰ ই – ৰিক্সা চালকৰ ৰূপত জিলাখনত দপদপাই থকাটো অত্যন্ত লক্ষণীয় । ই – ৰিক্সাৰ ক্ষেত্ৰত জিলা পৰিবহণ বিভাগে যাৱতীয় তথ্য প্রদানেৰে চলাচলৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰিলেও ভাড়াৰ ক্ষেত্ৰত অদ্যপৰিমিত নীতি নিৰ্ধাৰণ নকৰাত কেৱল মৌখিক নিৰ্দেশৰ ওপৰত ভিত্তি কৰি ই – ৰিক্সা চালকে জধে – মধে ভাড়া বৃদ্ধি কৰি যাত্ৰীক ঠগ প্রবঞ্চনা কৰা একাংশ ই – ৰিক্সা চালকে শিক্ষাৰ্থীৰ ক্ষেত্ৰতো একে আচৰণ কৰি অধিক পৰিমাণৰ ভাড়া আদায় কৰাত নিম্ন মধ্যবিত্ত আৰু সাধাৰণ পৰিয়ালৰ ছাত্ৰ – ছাত্ৰীয়ে ই – ৰিক্সাত উঠিবলৈ একপ্ৰকাৰ বাধ্য হৈছে ।
ছাত্ৰ – ছাত্ৰীৰ ক্ষেত্ৰত সামান্য ৰেহাই দিব নিবিচৰা জিলাখনৰ একাংশ ই – বিক্সা চালকৰ আচৰণত লজ্জানত হৈ জিলাখনৰ বহু শিক্ষাৰ্থীৰ ই – ৰিক্সাৰ প্রতি ঘৃণা উপজিছে । ছাত্ৰ – ছাত্ৰীক সন্মান কৰিব নজনা একাংশ ই-ৰিক্সা চালকক জিলাখনৰ ছাত্ৰ সংগঠন সমূহে লেকাম লগোৱাৰ ব্যৱস্থা কৰিবলৈ জিলাবাসীয়ে দাবী জনাইছে । মূল্যবৃদ্ধিৰ অজুহাতত জধে – মধে ভাড়া বৃদ্ধি কৰাৰ পৰিৱৰ্তে আলোচনাৰ মৰ্মে এক নিৰ্ধাৰিত পৰিসৰত ভাড়া বৃদ্ধি কৰিব পাৰে । তেনে নকৰি একপক্ষীয়ভাৱে স্ব – ইচ্ছাৰে ভাড়া বৃদ্ধি কৰাটো যুক্তিসংগত নহয় । জিলা পৰিবহণ বিভাগে বিষয়টোক গুৰুত্ব দিবলৈ জিলাখনৰ সচেতন মহলে আহ্বান জনাইছে ।