নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবৃদ্ধিৰ গইনা লৈ সোণাৰিত ই-ৰিক্সাৰ ভাড়া বৃদ্ধি; শিক্ষাৰ্থীৰ পৰা বলপূৰ্বক অধিক ভাড়া আদায় লোৱাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ নিত্য ব্যৱহৃত সামগ্রীকে ধৰি তৈলজাত সম্পদ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধোৱাৰ সন্ধিক্ষণতেই চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰকে ধৰি জিলাখনৰ অন্তৰ্গত মৰাণ , চেপনত চলাচল কৰা ই – ৰিক্সাই হঠাৎ ভাড়া বৃদ্ধি কৰাত সাধাৰণ গঞা আৰু শ্ৰমিকসকল বিবুদ্ধিত পৰিছে । এক কিলোমিটাৰ দূৰত্বৰ ভাড়া ই – ৰিক্সাই কুৰি টকাৰ পৰা ত্ৰিছ টকা আদায় লোৱাত যাত্রী আৰু ই – ৰিক্সা চালকৰ মাজত বাক – বিতণ্ডা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । মূল্যবৃদ্ধিৰ অনিয়ন্ত্ৰিত ব্যৱস্থাৰ গইনা লৈ যাত্ৰীসকলক পাভচোচা দিয়া ই – ৰিক্সা চালকলকলক জিলা পৰিবহণ বিভাগে নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ব্যৰ্থ হোৱাত ই – ৰিক্সা চালকসকলে দুগুণে উৎসাহিত হৈ স্ব – ইচ্ছাৰে ভাড়া বৃদ্ধি কৰাত সাধাৰণ জনতা যাতায়াতৰ ক্ষেত্ৰত প্ৰবল সমস্যাৰ সন্মুখীন হৈছে । ই – ৰিক্সাত উঠিলেই যাত্রী চাই চালকে বিছ টকা আদায় লোৱাটো এক নিয়মিত ঘটনালৈ ৰূপান্তৰ হৈছে ।
সাধাৰণ যাত্ৰীৰ পৰা বলপূর্বক নিৰ্ধাৰিত মূল্যতকৈ চৰকাৰী নিৰ্দেশনা অবিহনে ভাড়া আদায় লৈ থকা একাংশ ই – ৰিক্সা চালকৰ মই মতালিত বহু যাত্রী অপমানিত হোৱাই নহয় , অবাঞ্ছিতভাৱে অপ্রীতিকৰ পৰিস্থিতিৰো সন্মুখীন হ’বলগা হৈছে । জিলাখনত চলি থকা বহুকেইখন ই ৰিক্সা চালকৰ বয়সৰ ওপৰত সন্দেহ । কাৰণ ১৮ বছৰৰ তলৰ বহুকেইগৰাকী কিশোৰ ই – ৰিক্সা চালকৰ ৰূপত জিলাখনত দপদপাই থকাটো অত্যন্ত লক্ষণীয় । ই – ৰিক্সাৰ ক্ষেত্ৰত জিলা পৰিবহণ বিভাগে যাৱতীয় তথ্য প্রদানেৰে চলাচলৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰিলেও ভাড়াৰ ক্ষেত্ৰত অদ্যপৰিমিত নীতি নিৰ্ধাৰণ নকৰাত কেৱল মৌখিক নিৰ্দেশৰ ওপৰত ভিত্তি কৰি ই – ৰিক্সা চালকে জধে – মধে ভাড়া বৃদ্ধি কৰি যাত্ৰীক ঠগ প্রবঞ্চনা কৰা একাংশ ই – ৰিক্সা চালকে শিক্ষাৰ্থীৰ ক্ষেত্ৰতো একে আচৰণ কৰি অধিক পৰিমাণৰ ভাড়া আদায় কৰাত নিম্ন মধ্যবিত্ত আৰু সাধাৰণ পৰিয়ালৰ ছাত্ৰ – ছাত্ৰীয়ে ই – ৰিক্সাত উঠিবলৈ একপ্ৰকাৰ বাধ্য হৈছে ।
ছাত্ৰ – ছাত্ৰীৰ ক্ষেত্ৰত সামান্য ৰেহাই দিব নিবিচৰা জিলাখনৰ একাংশ ই – বিক্সা চালকৰ আচৰণত লজ্জানত হৈ জিলাখনৰ বহু শিক্ষাৰ্থীৰ ই – ৰিক্সাৰ প্রতি ঘৃণা উপজিছে । ছাত্ৰ – ছাত্ৰীক সন্মান কৰিব নজনা একাংশ ই-ৰিক্সা চালকক জিলাখনৰ ছাত্ৰ সংগঠন সমূহে লেকাম লগোৱাৰ ব্যৱস্থা কৰিবলৈ জিলাবাসীয়ে দাবী জনাইছে । মূল্যবৃদ্ধিৰ অজুহাতত জধে – মধে ভাড়া বৃদ্ধি কৰাৰ পৰিৱৰ্তে আলোচনাৰ মৰ্মে এক নিৰ্ধাৰিত পৰিসৰত ভাড়া বৃদ্ধি কৰিব পাৰে । তেনে নকৰি একপক্ষীয়ভাৱে স্ব – ইচ্ছাৰে ভাড়া বৃদ্ধি কৰাটো যুক্তিসংগত নহয় । জিলা পৰিবহণ বিভাগে বিষয়টোক গুৰুত্ব দিবলৈ জিলাখনৰ সচেতন মহলে আহ্বান জনাইছে ।
You might also like