নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এজন কয়লা ব্যৱসায়িক আজি শিৱসাগৰ জিলাৰ আৰক্ষীয়ে কয়লাৰ ভুৱা জি এচ টিৰ এক গোচৰত আটক কৰে । শিৱসাগৰ জিলাৰ শিমলুগুৰী থানাত ৰুজু হোৱা কয়লাৰ ভুৱা জি এচ টিৰ এক গোচৰত কয়লা ব্যৱসায়ীজনক আটক কৰে আৰক্ষীয়ে । যোগীঘোপা থানাৰ অন্তৰ্গত কৰেয়া প্ৰথম খণ্ডৰ ফজল হক নামৰ কয়লা ব্যৱসায়ীজনক যোৱা নিশা যোগীঘোপা আৰক্ষীয়ে আটক কৰি আজি শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে । আজি শিৱসাগৰ জিলাৰ শিমলুগুৰী থানাৰ আৰক্ষীৰ দল এটা যোগীঘোপা থানাত উপস্থিত হৈ কয়লা ব্যৱসায়ী জনক চমজি লৈ শিৱসাগৰলৈ নিয়ে । উল্লেখ্য যে , যোগীঘোপাত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে কয়লাৰ ভুৱা জি এচ টি চালানত ব্যৱসায়ত জড়িত বহুকেইটা চক্ৰ । এই চক্ৰ সমুহে আৰক্ষী তথা প্ৰশাসনৰ চকুত ধুলি দি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কয়লাৰ ভুৱা জি এচ টি চালানৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ।
ভুৱা জি এচ টিৰ চালানেৰে চৰকাৰক ৰাজহ ফাকি দিয়া সন্দৰ্ভত ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগতো গোচৰ ৰুজু হৈছে । এই গোচৰৰ ভিত্তিত অপৰাধ অনুসন্ধান বিভাগে যোগীঘোপাত কেইবাবাৰো অভিযান চলাই বহুকেইজন কয়লা ব্যৱসায়ীক গ্ৰেপ্তাৰো কৰিছে । তৎস্বত্বেও যোগীঘোপাত অব্যাহত আছে ভুৱা জি এচ টি চালানৰ ব্যৱসায় । সম্প্ৰতি যোগীঘোপা কয়লা বজাৰ বন্ধ হৈছে যদিও জি এচ টি চালানৰ ব্যৱসায় আজিও অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন স্থান বিশেষকৈ দুধনৈ , বকো আদিকে ধৰি ৰাজ্যৰ কিছুমান স্থানত থকা কয়লা বজাৰ সমুহত চলি থকা জি এচ টি চালানৰ ব্যৱসায়টো একপ্ৰকাৰ যোগীঘোপাৰ পৰাই নিয়ন্ত্ৰন হৈ আছে ।
ইপিনে জানিব পৰা মতে, শিৱসাগৰ জিলাৰ শুমলুগুৰী থানাত কিছুদিন পুৰ্বে ৰুজু হৈছিল কয়লাৰ ভুৱা জি এচ টি চালানৰ এটি গোচৰ । ভুৱা জি এচ টি চালান প্ৰস্তুত কৰা এটি চক্ৰৰ বিৰুদ্ধে ৬/২২ নম্বৰত ৰুজু হোৱা এই গোচৰটো সন্দৰ্ভতে যোগীঘোপাৰ কয়লা ব্যৱসায়ীজনক আটক কৰা হয় । ভুৱা জি এচ টি চালান প্ৰস্তুত কৰা চক্ৰটোৰ সৈতে জওিত থকাৰ অভিযোগত আৰক্ষীয়ে কয়লা ব্যৱসায়ী ফজল হকক আটক কৰিছে যদিও এই সন্দৰ্ভত ব্যৱসায়ীজন অধিক সোধা-পোচা কৰাৰ অন্তত আৰক্ষীয়ে পৰৱৰ্তী পদক্ষেপ গ্ৰহন কৰিব বুলি জানিবলৈ দিছে শুমলুগুৰী আৰক্ষীৰ দলটোৱে ।
প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা