নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত আৰক্ষীৰ জালত কয়লাৰ ভুৱা জিএচটিৰ ব্যৱসায়ী

 শিৱসাগৰ জিলাৰ শিমলুগুৰী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এজন কয়লা ব্যৱসায়িক আজি শিৱসাগৰ জিলাৰ আৰক্ষীয়ে কয়লাৰ ভুৱা জি এচ টিৰ এক গোচৰত আটক কৰে ।  শিৱসাগৰ জিলাৰ শিমলুগুৰী থানাত ৰুজু হোৱা কয়লাৰ ভুৱা জি এচ টিৰ এক গোচৰত  কয়লা ব্যৱসায়ীজনক আটক কৰে আৰক্ষীয়ে  । যোগীঘোপা থানাৰ অন্তৰ্গত কৰেয়া প্ৰথম খণ্ডৰ ফজল হক নামৰ কয়লা ব্যৱসায়ীজনক যোৱা নিশা যোগীঘোপা আৰক্ষীয়ে  আটক কৰি আজি শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে । আজি শিৱসাগৰ জিলাৰ শিমলুগুৰী থানাৰ আৰক্ষীৰ দল এটা যোগীঘোপা থানাত উপস্থিত হৈ কয়লা ব্যৱসায়ী জনক চমজি লৈ শিৱসাগৰলৈ নিয়ে । উল্লেখ্য যে , যোগীঘোপাত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে কয়লাৰ ভুৱা জি এচ টি চালানত ব্যৱসায়ত জড়িত বহুকেইটা চক্ৰ । এই চক্ৰ সমুহে আৰক্ষী তথা প্ৰশাসনৰ চকুত ধুলি দি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কয়লাৰ ভুৱা জি এচ টি চালানৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ।

ভুৱা জি এচ টিৰ চালানেৰে চৰকাৰক ৰাজহ ফাকি দিয়া সন্দৰ্ভত ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগতো গোচৰ ৰুজু হৈছে । এই গোচৰৰ ভিত্তিত অপৰাধ অনুসন্ধান বিভাগে যোগীঘোপাত কেইবাবাৰো অভিযান চলাই বহুকেইজন কয়লা ব্যৱসায়ীক গ্ৰেপ্তাৰো কৰিছে । তৎস্বত্বেও যোগীঘোপাত অব্যাহত আছে ভুৱা জি এচ টি চালানৰ ব্যৱসায় । সম্প্ৰতি যোগীঘোপা কয়লা বজাৰ বন্ধ হৈছে যদিও জি এচ টি চালানৰ ব্যৱসায় আজিও অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন স্থান বিশেষকৈ দুধনৈ , বকো আদিকে ধৰি ৰাজ্যৰ কিছুমান স্থানত থকা কয়লা বজাৰ সমুহত চলি থকা জি এচ টি চালানৰ ব্যৱসায়টো একপ্ৰকাৰ  যোগীঘোপাৰ পৰাই নিয়ন্ত্ৰন হৈ আছে ।

ইপিনে জানিব পৰা মতে, শিৱসাগৰ জিলাৰ শুমলুগুৰী থানাত কিছুদিন পুৰ্বে ৰুজু হৈছিল কয়লাৰ  ভুৱা জি এচ টি চালানৰ এটি গোচৰ । ভুৱা জি এচ টি চালান প্ৰস্তুত কৰা এটি চক্ৰৰ বিৰুদ্ধে ৬/২২ নম্বৰত ৰুজু হোৱা এই গোচৰটো সন্দৰ্ভতে যোগীঘোপাৰ কয়লা ব্যৱসায়ীজনক আটক কৰা হয় । ভুৱা জি এচ টি চালান প্ৰস্তুত কৰা চক্ৰটোৰ সৈতে জওিত থকাৰ অভিযোগত আৰক্ষীয়ে কয়লা ব্যৱসায়ী ফজল হকক আটক কৰিছে যদিও এই সন্দৰ্ভত ব্যৱসায়ীজন অধিক সোধা-পোচা কৰাৰ অন্তত আৰক্ষীয়ে পৰৱৰ্তী পদক্ষেপ গ্ৰহন কৰিব বুলি জানিবলৈ দিছে শুমলুগুৰী আৰক্ষীৰ দলটোৱে ।

প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা 

You might also like