শুৱালকুছিত ’শাস্ৰ- মাধুৰী’ নামৰ গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ১৪ মেঃ মানুহৰ অন্যতম সংগী হল গ্ৰন্থ ৷ যি সকলে নিয়মীত ভাবে গ্ৰন্থ অধ্যয়ন কৰে তেওঁলোকে জীৱনত কেতিয়াও নিসংগ অনুভৱ নকৰে ৷ গ্ৰন্থ অধ্যয়নে মানুহৰ মন মগজু অধিক শক্তিশালী কৰে আৰু মানুহৰ জ্ঞান ব্‌দ্ধিত ইন্ধন যোগায় ৷ এই মন্তব্য শুৱালকুছি সাংবাদিক সন্হাৰ সভাপতি দিলীপ মেধিৰ ৷ আজি শুৱালকুছিৰ ঐতিহাসিক ধৰ্মানুষ্ঠান শ্ৰীশ্ৰীদামোদৰ দেৱ মন্দিৰত বিশিষ্ট লেখক , অৱসৰী শিক্ষক চিন্তামণি দাসে প্ৰকাশ কৰি উলিওৱা ” শাস্ৰ মাধুৰী” নামৰ গ্ৰন্থখন উন্মোচন কৰি তেওঁ পুনৰ কয় যে, সাহিত্য পুথি, গল্প সংকলন, ধৰ্মপুথি, শিশু উপন্যাস, সাধুকথা, প্ৰৱন্ধ সংকলন , অনুসন্ধান মূলক গ্ৰন্থ আদি প্ৰতিটো বিষয়ৰ গ্ৰন্থ সমুহত ভিন্ন ভিন্ন আমেজ থাকে ৷ যিয়ে যিটো বিষয় ভাল পায় সেই বিষয়ৰ গ্ৰন্থ সমুহ অধ্যয়ণ কৰিলে সঠিক সোৱাদ লাভ কৰিব পাৰে ৷ গ্ৰন্থ অধ্যয়ণে মানুহক বহুত নজনা কথাৰ সম্ভেদ দিয়ে ৷ সেয়েহে সময় সুবিধা পালেই গ্ৰন্থ অধ্যয়ন সুযোগ নেহেৰুৱাবলৈ তেওঁ উপস্থিত ৰাইজক আহ্বান জনায় ৷ লগতে শাস্ৰ মাধুৰী গ্ৰন্থখনৰ স্ৰষ্টা অৱসৰী শিক্ষক চিন্তামণি দাসে বহুত কষ্ট আৰু যত্ন কৰি গ্ৰন্থখন ৰাইজৰ বাবে মুকলি দিয়াত লেখক গৰাকীকো গ্ৰন্থ উন্মোচক মেধিয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে অধ্যয়ন অবিহনে গ্ৰন্থ প্ৰকাশ কৰাটো সম্ভৱপৰ নহয় ৷ লেখক দাসৰ এটা অধ্যয়নপুস্হ মন থকাৰ বাবেই গ্ৰন্থ প্ৰকাশৰ দৰে এটা দ্বায়িত্বপূৰ্ণ কাম কৰিবলৈ তেওঁ সাহস পাইছে ৷ গ্ৰন্থখন ৰাইজে আদৰি ললে লেখকৰ উদ্দেশ্য সফল হব বুলি উল্লেখ কৰে ৷ গ্ৰন্থখনত ভাগৱত আৰু ৰামায়ণৰ কিছু সৰু সৰু কাহিনীৰে লেখকে পাঠক ৰাইজৰ বাবে অতি আকৰ্ষণীয় কৰি তোলাত ৰাইজে গ্ৰন্থখন পঢ়ি সচাকৈয়ে অনুপ্ৰাণিত হব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ অৱসৰী শিক্ষক উদ্ধৱ বৈশ্যৰ সভাপতিত্ব অনুস্হিত সভাত লেখক চিন্তামণি দাসে আৰম্ভণিতে গ্ৰন্থখন সন্দৰ্ভত কিছু বক্তব্য দাঙিধৰি গ্ৰন্থখন সময়োপযোগী আৰু সৰু সৰু ঘটনা পৰিঘটনাৰ কিছু কথা সাধুকথা হিচাৱত ৰাইজৰ আগত তুলি ধৰা বুলি উল্লেখ কৰে ৷ কিয়নো সাধুকথা বুলিলে সকলোৱে আদৰি লব বিচাৰে আৰু এনেকুৱা ধৰ্মীয় কথাবোৰ পঢ়িলে বিশেষ সোৱাদ লাভ কৰে ৷ সভাপতি উদ্ধৱ বৈশ্যইয়ো গ্ৰন্থখন সন্দৰ্ভত এক তত্ত্বগধূৰ বক্তব্য দাঙি ধৰি উপস্থিত সকলোকে মুগ্ধ কৰে ৷ লগতে তেওঁ গ্ৰন্থখনৰ লেখক চিন্তামণি দাসৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু আভাষ দিয়ে ৷ সদৌ শুৱালকুছি দেৱ দামোদৰ সংঘৰ সম্পাদক ভৱকান্ত বৈশ্যই আতঁধৰা উক্ত উন্মোচনী সভাত আন এগৰাকী সম্পাদক মুকুন্দ বৈশ্য প্ৰমুখ্যে কেবাজনো বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ অনুস্হানত শুৱালকুছি সাংবাদিক সন্হাৰ উপ সভাপতি প্ৰবীন কুমাৰ দাস আৰু সম্পাদক ৰত্ন কুমাৰ দাসো উপস্থিত থাকে ৷