হাজোৰ পঞ্চতীৰ্থৰ দুৱাৰ ১৫মে'লৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত কামৰূপ জিলাৰ হাজোৰ পঞ্চতীৰ্থৰ দুৱাৰ ১৫মে’লৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব।

পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱ প্ৰসাদ শৰ্মাই জানিবলৈ দিয়ে যে ১৫মে’লৈ হয়গ্ৰীৱ মাধৱ দেৱালয়, কেদাৰ মন্দিৰ, কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব।