আৰক্ষী  নিযুক্তিৰ পৰা বঞ্চিত নিবনুৱা যুৱকঃ যোগীঘোপাত ক্ষোভ

নিয়মীয়া বাৰ্তা,  ২১ জানুৱাৰীঃ অসম আৰক্ষীৰ ৬১০০ টা পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষাৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ একাংশ নিবনুৱা যুৱক  বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । লিখিত পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত কৰি একাংশ নিবনুৱা যুৱকে ক্ষোভিত হৈ পৰে । উল্লেখ্য যে, বিভাগটোৰ একোটা পদৰ বিপৰীতে পাঁচজনকৈ প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মাতে । কিন্তু বঙাইগাঁও জিলাত এটা পদৰ বিপৰীতে মাত্ৰ দুজনকৈ প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে মাতিছে বুলি ক্ষোভিত যুৱকসকলে  জানিবলৈ দিয়ে ।

অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত জিলাখনত এনে বৈষম্যৰ বাবে ক্ষোভিত হৈ পৰিছে চাকৰি প্ৰত্যাশী নিবনুৱা যুৱকসকল । চাকৰি প্ৰত্যাশী  ভূক্তভোগী নিবনুৱা যুৱক সকলে উচিত ন্যায়ৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীলৈ কাতৰ আহ্বান জনায়।

প্ৰতিবেদকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা