ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ

নিয়মীয়া বাৰ্তা;২১ মাৰ্চ::-অসমীয়াৰ চেনেহৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকোৰ ছমৰীয়া সত্ৰত ও চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি।এইবেলি ছমৰীয়া আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ ৰামবিলাশ কলিতাক সভাপতি আৰু ত্ৰৈলোক্য কলিতাক সম্পাদক হিচাপে লৈ এখনি পুৰ্নাংঙ্গ সমিতি গঠন কৰা হৈছে।

আন আন বিহু উদযাপন সমিতিসমূহৰ দৰে ৰঙালীক উদযাপন কৰিবলৈ সাজু হৈ উঠিছে ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনী ও।

উদযাপন সমিতিৰ সম্পাদক ত্ৰৈলোক্য কলিতাই জনোৱা অনুসৰি, অহা ১ বহাগৰ পৰা ৫ বহাগলৈ বিভিন্ন কাৰ্যসূচীৰে ছমৰীয়া ৰামসৰস্বতী খেলপথাৰ প্ৰাঙ্গনত পাচঁদিনীয়াকৈ উদযাপন কৰা হ’ব ৰঙালী বিহু।বিহু উদযাপনৰ বাবে সমিতিখনে ইতিমধ্যে চলাইছে প্ৰস্তুতি।

ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ কাৰ্যসূচী অনুসৰি ১ বহাগৰ পুৱা ৰঙালী বিহু সন্মিলনীৰ পতাকা উত্তোলনৰ লগতে ৩ বহাগলৈ বিভিন্ন ধৰনৰ খেল ধেমালী প্ৰতিযোগিতা অনুষ্ঠিত হব।ইয়াৰ লগতে ৪ আৰু ৫ বহাগত দুদিন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।এই সাংস্কৃতিক সন্ধিয়াত দুয়োটা দিনত উত্তৰ লক্ষীমপুৰ আৰু গুৱাহাটী চন্দ্ৰপুৰৰ দুটি বিহু হুচৰি দলে বিহু প্ৰদৰ্শন কৰিব।৪ বহাগ ১৮ এপ্ৰিলত সংগীতানুষ্ঠান পৰিবেশন কৰিব উদীয়মান কণ্ঠশিল্পী ছয়নিকা ভূঞা আৰু ৫ বহাগ ১৯ এপ্ৰিলত সংগীতানুষ্ঠান পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী গীতালী দেৱীয়ে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন