ভোগৰ উৎসৱ ভোগালীক লৈ উছাহঃ ঢেঁকীৰ গুমগুমনিয়ে কঁপাই তুলিছে ঢকুৱাখনা

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ আঘোণৰ লখিমীক ভঁৰাললৈ চপাই প্ৰাচুৰ্যৰে ভৰা ভোগৰ বিহুটিক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী ৷ সমাগত ভোগৰ উৎসৱ ভোগালী বিহু । য’ত নিহিত হৈ থাকে কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দ ৷ ভোগালী বিহু উপলক্ষে সকলোৰে এতিয়া অন্ত নোহোৱা হৈছে ব্যস্ততাৰ ৷ ঢেঁকীৰ মাতত চুবুৰী কঁপাই অসমীয়াই যা যোগাৰ চলাইছে ভোগৰ পিঠা-পনাৰ৷ অসমৰ চুকে কোণে এতিয়া প্ৰস্তুতি চলিছে সংকটৰ মাজতো বাপতি সাহোন বিহু উদযাপনৰ৷ ইয়াৰ ব্যতিক্ৰম নহয় ঢকুৱাখনা।কৃষি সৰ্বস্ব ঢকুৱাখনা মহকুমাৰ প্রান্তে প্রান্তে পাকঘৰৰ পৰা পথাৰলৈকে সকলোতে এতিয়া বিদ্যমান ভোগালীৰ ছবি৷ কৃষ্টি আৰু পৰম্পৰাই যেন জীপাল কৰি তুলিছে মানুহৰ মন আৰু পথাৰখনক৷ ভোগালীক ভোগেৰে ৰঙীন কৰাৰ আশাৰে, ঢেঁকীৰ গুমগুমনিয়ে কঁপাই তুলিছে সমগ্ৰ ঢকুৱাখনাৰ গ্ৰামঞ্চল। পুহ মাহৰ ঠেঁটুৱৈ ধৰা জাৰকো আওকাণ কৰি ৰাইজে বিহুৰ প্ৰস্তুতি চলাই গৈছে৷ গ্ৰাম্য অঞ্চলত চুবুৰীয়ে চুবুৰীয়ে প্ৰতিধ্বনিত হৈছে ঢেঁকীৰ চিনাকী শব্দ৷ফলত ঢকুৱাখনাৰ সৰ্বত্ৰে এতিয়া উৎসৱমুখৰ পৰিবেশ৷ কৃষকসকলে মৰণা চপোৱাৰ অন্তত জহা, বৰা, বোকা ধানেৰে উপচি পৰিছে ভঁৰাল৷ইফালে গৃহিণীসকলে সম্পূৰ্ণ থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা ভোগালীৰ বিবিধ পিঠা-পনা আৰু জলপানৰ লোভনীয় আমোলমোল সুবাসে গাঁৱৰ আকাশ-বতাহ বিয়পাই দি সৃষ্টি কৰিছে এটি সুকীয়া পৰিবেশৰ৷

ভোগালীৰ আগমনক কেন্দ্ৰ কৰিয়েই জীয়ৰী-বোৱাৰীসকল ব্যস্ত হৈ পৰিছে পিঠা খুন্দত, লাডু বনোৱাত। কোনোৱে ঘৰতে নতুবা আন কোনোৱে আকৌ চুবুৰীয়া আন দুই-তিনিগৰাকীৰ সৈতে লগ-লাগি হাঁহি-তামাচাৰে খুন্দিছে চিৰা, সান্দহ, পিঠাগুৰিকে ধৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য-সামগ্ৰী৷ ভোগালীৰ ভোগৰ বাবে উৰুকাত এসাঁজ উদৰ পুৰাই লগে-ভাগে খাবৰ বাবে ব্যস্ত হৈ পৰিছে ধনী-দুখীয়া সকলো পৰিয়াল ৷ আনফালে ভোগালী বিহুৰ ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখিবৰ বাবে ভেলাঘৰ, মেজিঘৰ নির্মাণৰ কামতো ইতিমধ্যে ব্যস্ত হৈ পৰিছে যুৱ-প্রজন্ম৷ আধুনিক জীৱন-ধাৰণ আৰু বিশ্বায়নৰ এই ধামখুমীয়াৰ মাজতো একাংশ যুৱকে এতিয়া ব্যস্ত ভেলাঘৰ আৰু মেজি নির্মাণত৷মুঠতে এতিয়া ভোগৰ ৰং-তামাচা, আনন্দ-স্ফুৰ্তি কৰিবলৈ ৰাজ্যৰ আন আন ঠাইৰ দৰে ঢকুৱাখনাতো দেখিবলৈ পোৱা গৈছে কেৱল ভোগালীৰ অনাবিল আনন্দ৷যান্ত্ৰিকতাৰ মাজত সোমাই পৰা চহৰখনত আধুনিকতাৰ ঢাক সোমালেও পূৰ্বৰ ঐতিহ্য পৰম্পৰা সমূহ ধৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাইজে । মুঠতে উৰুকা নিশা মেজিৰ সন্মুখত একেলগে এসাজ খাই পহিলা মাঘ বিহুৰ পুৱা পৰম্পৰাগত বাবে সাজি উলিওৱা মেজি জ্বলাই বছৰটো কুশলে যোৱাৰ বাবে আশীৰ্বাদ ল’বলৈ সাজু ঢকুৱাখনাৰ ৰাইজ ।

Featured