বিজনীৰ মাৰণাস্ত্ৰ সহ ঔষধ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৮আগষ্ট: চিৰাং জিলা বিজনী মহকুমাৰ অন্তৰ্গত দাৰাংগাৰ ২ নং নতুন মাটিত SSB, আৰক্ষীৰ অভিযানত অগ্ৰং নৈৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত এটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ । চিমেণ্টৰ বেগ এখনৰ ভিতৰত বন্দুকটোৰ সৈতে জব্দ কিছু ঔষধ, চিৰিঞ্জ ।

বিজনী মহকুমাৰ উত্তৰাঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত থকা এছ এছ বিৰ ৫৪ নম্বৰ বেটেলিয়নৰ নেতৃত্বত আৰু বিজনী থানাৰ লগতে এছ এছ বিৰ ১৫ নম্বৰ ঢলাস্থিত শিবিৰৰ সহায়ত চলোৱা যৌথ অভিযানত মাৰণাস্ত্ৰ সহ কিছু সামগ্ৰী উদ্ধাৰ কৰে |যোৱানিশা চাৰে দহ বজাত নতুন মাটি ,অগ্ৰং দুই নম্বৰ এলেকাত চলোৱা অভিযানত উদ্ধাৰ হয় বন্দুকৰ সৈতে জব্দ কিছু ঔষধ, চিৰিঞ্জ ।