ছয়গাঁৱত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী; কাৰ্যনিৰ্বাহক সভা সম্পন্ন

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ ছয়গাঁও মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আজি দিনৰ প্ৰায় ১১.৩০ বজাত কুকুৰমাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় ২ শতাধিক মটৰ চাইকেলেৰে ছয়গাঁৱৰ গোৱৰ্ধনলৈ এটি বিশাল বাইক ৰেলী উলিওৱা হয় । এই বাইক ৰেলিটো পুনৰ গোৱৰ্ধনৰ পৰা ছয়গাঁৱৰ মেৰঘৰলৈ যায় । ইয়াৰ পিছতে মেৰঘৰত ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপৰ যুৱ মৰ্চাৰ ছয়গাঁও মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হোৱাৰ আগতে ছয়গাঁও মণ্ডল যুৱ মৰ্চাৰ সভাপতি মন্টু কলিতাই পতাকা উত্তোলন কৰে ।

ভাৰতীয় জনতা পাৰ্টীৰ কেবাজনো নেতাই বন্তি প্ৰজ্বলন কৰাৰ পিছতে ছয়গাঁও মণ্ডল যুৱ মৰ্চাৰ সভাখন অনুষ্ঠিত হয় । এই কাৰ্যনিৰ্বাহক খনত সভাপতিত্ব কৰে ছয়গাঁও মণ্ডল যুৱ মৰ্চাৰ সভাপতি মন্টু কলিতাই । এই সভাত উপস্হিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকডাৰে ভাষণ প্ৰসংগত কয় যে আগন্তুক ২০২১ বিধান সভা নিৰ্বাচনত ছয়গাঁৱত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয়ী হব পাৰিম বুলি উল্লেখ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দল শক্তশালী হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সভাপতি গৰাকীয়ে ।

আজি এই কাৰ্যনিৰ্বাহকত উপস্হিত থকা বিজেপিৰ নেতাসকলে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ হকে লোৱা আচনি সমূহৰ বিষয়ে মন্তব্য আগবঢ়াই । এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক যুৱ মৰ্চাৰ উপসভাপতি হিমাংশু শ্বেখৰ বৈশ্য, ৰাজ্যিক যুৱ মৰ্চাৰ উপ সভানেত্ৰী ভাস্বতী ডেকা, বিজেপিৰ জেষ্ঠ কাৰ্যকৰ্তা নিংকু হুজুৰী, বিজেপিৰ ৰাজ্যিক কাৰ্যকৰ্তা সদস্য হিতেশ কলিতা, বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ সভাপতি গিৰিৰাজ তিমচিনাকে প্ৰমূখ্য কৰি বিজেপি বহুতো নেতা কৰ্মী উপস্হিত থাকে ।