জোনাইৰ নাও দুৰ্ঘটনা, অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন কিশোৰীৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ জোনাইৰ কেৰকেৰত জোনাই নদীৰ বাঢ়নী পানীত বৃহস্পতিবাৰে সংঘটিত হোৱা এক নাও দুৰ্ঘটনাত নিখোজ হোৱা ৰশ্মি দেউৰী নামৰ কিশোৰীগৰাকীৰ মৃতদেহ আজি ৪ দিনৰ মূৰত উদ্ধাৰ হল ঘটনাস্থলীৰ পৰা প্ৰায় ১ কিলোমিটাৰ নিলগত৷

যোৱা তিনি দিনে এছ ডি আৰ এফ বাহিনীৰ লগতে স্থানীয় ৰাইজে ৰশ্মি দেউৰীৰ মৃতদেহ বিচাৰি অভিযান অব্যাহত ৰখাৰ সময়তে আজি পুৱা চিৰাপুৰীয়া পথাৰত স্থানীয় কেইজনমান লোকে নাওৰে খৰি বিচাৰি থাকোঁতে কিশোৰীগৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সতে কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷

উল্লেখ্য যে জোনাইত যোৱা ২৪ তাৰিখে সন্ধিয়া ৭.৩০ বজাত জোনাই নদীত সংঘটিত হোৱা এক নাও দুৰ্ঘটনাত ৭ জন লোক কথমপি প্ৰাণ ৰক্ষা হোৱাৰ লগতে চিলাপথাৰৰ বৰমূৰীয়া দেউৰী গাঁৱৰ এগৰাকী ১২ বছৰীয়া ৰশ্মি দেউৰী নামৰ কিশোৰী গৰাকী নিখোজ হৈ আছিল আজি চাৰিদিনে৷