বগৰীবাৰীৰ ‌শালবাৰীত ভয়াৱহ অগ্নি কাণ্ডঃ লক্ষাধিক টকাৰ ক্ষয় ক্ষতি

নিয়মীয়া বাৰ্তা  ৩০ নৱেম্বৰঃ  যোৱা ৰাতি প্ৰায় ১২ মান বজাত কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰীৰ শালবাৰী বজাৰৰ আব্দুল মালেকৰ ধানৰ মেলত আৰু কহিনুৰ ইছলামৰ হার্ড ওৱয়েৰৰ দোকানত হঠাৎ জুই লাগি এক ভয়াৱহ অগ্নি কাণ্ড সংঘঠিত হৈ প্রায় কেইবা লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয়। প্ৰাপ্ত বাতৰি মতে যোৱা নিশা প্ৰায় ১২ মান বজাত বগৰীবাৰীৰ শালবাৰী বজাৰৰ আব্দুল মালেকৰ ধানৰ মেলত আৰু কহিনুৰ ইছলামৰ হার্ড ওৱায়েৰৰ দোকানত হঠাৎ জুই লাগি ঘৰত থকা সকলো সা সামগ্ৰী জুইত পুৰি ভস্মিভুত হোৱাৰ লগতে প্ৰায় কেইবা লক্ষাধিক টকাৰ ক্ষয় হয়। পিছত অগ্নি কাণ্ডৰ ঘটনাৰ খবৰ পাই বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমাব লৈ সক্ষম হয়। উক্ত ঘটনাত অগ্নি কাণ্ডৰ সুত্ৰ পাত কেনেকৈ সংঘটিত হল বাতৰি লিখা পৰ লৈ কে জানিব পৰা হোৱা নাই।