কেন্দ্র–ৰাজ্য চৰকাৰৰ সহযোগত বিটিআৰৰ শিক্ষাত সূচনা হ’ব নতুন দিগন্তৰ

কোকৰাঝাৰত হোষ্টেল মুকলি বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰ

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ ছাত্র–ছাত্রীৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি বিটিআৰত নতুন শিক্ষানীতিৰ খচৰা তৈয়াৰ কৰা হ’ব৷ তদুপৰি জানুৱাৰী মাহৰ পৰাই প্রাথমিক পর্যায়ৰ পৰা কেৰিয়াৰ কাউঞ্চেলিঙৰ কাম আৰম্ভ কৰা হ’ব৷ ছাত্র–ছাত্রীৰ আগ্রহ অনুসৰি দীর্ঘম্যাদী পৰিকল্পনাৰে উপযুক্ত শিক্ষাৰে শিক্ষিত আৰু প্রশিক্ষিত কৰি সংস্থাপিত কৰা হ’ব৷– এই মন্তব্য বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৰ৷ আজি কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ তিতাগুৰি হাইস্কুল প্রাংগণত ছোৱালীৰ বাবে হোষ্টেল মুকলি কৰি এই মন্তব্য কৰে প্রমোদ বডোৱে৷ ছোৱালীৰ বাবে হোষ্টেল মুকলি উপলক্ষে অনুষ্ঠিত সভাত অংশগ্রহণ কৰি বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বড়োৱে কয়– আমি যুগৰ স’তে খাপ খোৱা শিক্ষাৰে শিক্ষিত হ’ব লাগিব৷ যুগৰ স’তে খাপ খোৱা শিক্ষাৰে শিক্ষিত নহ’লে সংস্থাপনৰ বাবে যুঁজ কৰিব লগা হয় বুলি উল্লেখ কৰি প্রমোদ বড়োৱে কয় যে বিটিআৰৰ ছাত্র–ছাত্রীসকলৰ মংগলার্থে সম্ভৱপৰ সকলো ব্যৱস্থাই গ্রহণ কৰা হ’ব৷

কোকৰাঝাৰ জিলা শিক্ষা বিষয়া জয়পালসিং ব্রহ্মই আঁত ধৰা অনুষ্ঠানটোত প্রমোদ বডোৱে অভিভাৱক–শিক্ষার্থী আৰু শিক্ষকৰ সু–সমন্বয়তহে শিক্ষাদান ফলপ্রসূ হয় বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ সু–সমন্বয়ত বিটিআৰৰ শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা হ’ব বুলি ভাষণত উল্লেখ কৰে৷ তিতাগুৰি হাইস্কুল প্রাংগণত ছোৱালী হোষ্টেল মুকলি উপলক্ষে অনুষ্ঠিত সভাত বিটিচিৰ শিক্ষা সঞ্চালক জে পি ব্রহ্ম, কোকৰাঝাৰ শিক্ষাখণ্ড বিষয়া প্রদীপ কুমাৰ গয়াৰী, বিটিচিৰ শিক্ষা সচিব, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রী, অভিভাৱক উপস্থিত থাকে৷