চিৰাঙত ৫০ জন স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক কোভিড ভেকচিন প্ৰদান

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী:  আজিৰে পৰা দেশজুৰি আৰম্ভ হোৱা কভিড -১৯ ছিটাকৰণ চিৰা‌ং জিলাতো আনুষ্ঠানিক ভাৱে আৰম্ভ হয়। কোভিড ভেকচিন প্ৰদানৰ সম্পূৰ্ণ বিধি অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়া ডাঃ হীৰেন গগৈ, ডাঃ পলাশ তালুকদাৰ, চিৰা‌ং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰাতুল চন্দ্ৰ বৰদলৈ, ভাৰপ্ৰাপ্ত জিলা টিকাকৰণ বিষয়া ডাঃ সনাতন দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আচনি প্ৰবন্ধক সনাতন ঈশ্বৱাৰীৰ নিৰীক্ষণত চিৰা‌ং জিলাত প্ৰথম জন স্বাস্থ্য বিভাগৰ পৰিচালন কৰ্মী হিচাপে গৌতম মহিলাৰীয়ে ছিটা গ্ৰহণ কৰে।

দ্বিতীয়জন ৰূপে শিশু চিকিৎসা বিশেষজ্ঞ  ডাঃ হিমাংশু শেখৰৰ পিছতে শল্য চিকিৎসক ছোহাইল চৌধুৰীক লৈ আজি চিৰা‌ং জিলাত নিৰ্দিষ্ট সময় বিয়লি ৫ বজালৈ ৫০ জন স্বাস্থ্য বিভাগৰ লোকে ছিটা গ্ৰহণ কৰে। আজিৰ ছিটাকৰণ প্ৰক্ৰিয়া তদাৰক কৰে চিৰা‌ং জিলা উপায়ুক্ত গৌতম তালুকদাৰে। উপায়ুক্তৰ সৈতে উপস্থিত থাকে   অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) কৰ্মদেৱ ব্ৰহ্ম।

উল্লেখ্য যে চিৰা‌ং জিলাত আজি ১০০ জনক কভিডৰ ছিটা কৰণৰ তালিকা যুগত কৰা আছিল যদিও ৫০ জনে ছিটা  গ্ৰহণ কৰে বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদে সংবাদ মাধ্যমক জনাইছে।।