লংকাত ৪ হাজাৰ টকাৰ বাবে যুৱকক হত্যা

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ  মাত্র ৪ হাজাৰ টকাৰ বাবে এজন লোকে প্রাণ হেৰুৱাবলগীয়া ঘটনা এটা সংঘটিত হৈছে লংকাত৷ লংকাৰ বৰদলঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ হত্যাৰ বলি হোৱা লোকজনৰ নাম জাকিৰ হুছেইন৷ যোৱা ১২ আগষ্টত ৪ হাজাৰ টকাক লৈ হৈছিল কাজিয়াৰ সূত্রপাত৷ ঘটনা অনুসৰি,বৰদলং অঞ্চলত পথ মেৰামতিৰ বাবে ৰাইজৰ জমাধন ৪ হাজাৰ টকা জমা আছিল আব্দুল জাব্বাৰ নামৰ লোকজনৰ হাতত৷ সেই জমা টকাৰ ওপৰত চকু পৰিছিল সেই গাঁৱৰে কেইজনমান যুৱকৰ৷

আনকি আব্দুল জাব্বাৰক সেই টকা বিচাৰি ডাবি–ধমকিও প্রদান কৰিছিল যুৱককেইজনে৷ এনেদৰে কাজিয়াৰ সূত্রপাত ঘটাত যোৱা ১২ আগষ্টত চূডান্ত ৰূপ ল’লে কাজিয়াই৷ ধন বিচাৰি হাৰাশাস্তি কৰা যুৱককেইজনৰ সৈতে আব্দুল জাব্বাৰৰ ভাতৃ জাকিৰ হুছেইন প্রথম অৱস্থাত বাক–বিতণ্ডা লাগে৷ আৰু পৰৱর্তী সময়ত পূর্বৰ আখেজ পূৰাবলৈ যুৱককেইজনৰ নেতৃত্বত জাকিৰ হুছেইনক বেয়াকৈ আক্রমণ কৰে৷ যুৱককেইজনৰ আক্রমণত গুৰুতৰভাৱে আহত হৈ পৰা জাকিৰ হুছেইনক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও  মৃত্যু ঘটে জাকিৰ হুছেইনৰ৷

জাকিৰ হুছেইনক আক্রমণৰ নেতৃত্ব লোৱা তিনি যুৱক ক্রমে ৰিয়াজ আলী, ৰিজুৱান আলী আৰু ইয়াজ আলীৰ লগতে ঘটনাৰ লগত জডিত থকা আন কেইবাজনো লোকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে যদিও আৰক্ষীয়ে বর্তমানলৈকে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে৷