উত্তপ্ত ডিব্রুগড় বিশ্ববিদ্যালয়; দুই ফৈদৰ প্রচণ্ড মাৰপিট ছাত্র একতা সভা ঘেৰাও

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ পুনৰ উত্তপ্ত হৈ পৰিছে ডিব্রুগড বিশ্ববিদ্যালয়৷ এইবাৰ দুর্নীতিৰ বিৰুদ্ধে নহয়, বিশ্ববিদ্যালয়ৰে এজন ছাত্রক মাৰপিটৰ অভিযোগত শনিবাৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে স্নাতকোত্তৰ ছাত্র একতা সভাৰ কার্যালয় ঘেৰাও কৰে৷ যোৱা ৮ এপ্রিলত অনুষ্ঠিত হৈছিল ডিব্রুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ সাধাৰণ নির্বাচন৷ প্রাক নির্বাচনী হিংসা নোহোৱাৰ লগতে অতি শান্তিপূর্ণভাৱে নির্বাচন শেষ হৈ ফলাফলো ঘোষণা হৈছিল৷

নির্বাচন শেষ হোৱাৰ পাছত নির্বাচনক কেন্দ্র কৰি বিশ্ববিদ্যালয়ৰ দুটা ফৈদৰ মাজত শীতল যুদ্ধ আৰম্ভ হয়৷ ফলত যোৱানিশা এই শীতল যুদ্ধৰ পৰিণতিত ভীষণ মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ফলত উত্তপ্ত হৈ পৰিছে ঐতিহ্যমণ্ডিত ডিব্রুগড় বিশ্ববিদ্যালয় চৌহদ৷

অভিযোগ মতে, মনোহৰ পেগু নামৰ এজন ছাত্রক আক্রমণ কৰাত বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ ছাত্র–ছাত্রীসকলে ঘেৰাও কৰে স্নাতকোত্তৰ ছাত্র একতা সভাৰ কার্যালয়৷ ফলত দুই ফৈদৰ যুঁজ আৰু আন্দোলনত উত্তপ্ত হৈ পৰিছে ডিব্রুগড বিশ্ববিদ্যালয়৷ আনহাতে, ডিব্রুগড বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱনটো ঘেৰাও কৰে বিশ্ববিদ্যালয়ৰে আন একাংশ ছাত্র–ছাত্রীয়ে৷

অভিযোগ মতে, সমাজসেৱা বিভাগৰ নৱনির্বাচিত সম্পাদক জিৎ দাসক ছাত্র একতা সভাৰ কার্যালয়ৰ ভিতৰতে অপদস্থ আৰু শাৰীৰিকভাৱে প্রহাৰ কৰাৰ অভিযোগত বিশ্ববিদ্যালয়ৰ আন একাংশ ছাত্র–ছাত্রীয়ে প্রশাসনিক ভৱন ঘেৰাও কৰি ব্যাপক প্রতিবাদ সাব্যস্ত কৰে৷ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে বিশ্ববিদ্যালয়ৰে ছাত্রৰ বিৰুদ্ধে নিজ সতীর্থই আৰক্ষী চকীত এজাহাৰ দিবলগীয়া হোৱা ঘটনাই স্বাভাৱিকতে সকলোকে ভবাই তুলিছে৷ নৱনির্বাচিত ছাত্র একতা সভাৰ সদস্যসকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে একাংশই মিছা অভিযোগেৰে এ বি ভি পি, ছাত্র মুক্তিৰ সমর্থিত বুলি শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছে৷ তেঁওলোকে কয় যে আমি কোনো ৰাজনৈতিক দলৰ দ্বাৰা প্রক্ষেপিত বা সমর্থিত নহয় বুলি সজোৰে দাবী কৰে৷