তিনিচুকীয়াৰ দেওবৰীয়া বজাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ তিনিচুকীয়া চহৰৰ দেওবৰীয়া বজাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২০-২১ বৰ্ষৰ চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ হ’ব এই বজাৰ। ৫.২৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোৱে ব্যৱসায়ী আৰু গ্ৰাহকসকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয়ৰ মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা।